মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

স্বাস্থ্য আৰু স্বচ্ছতা

ডেংগু বিৰোধী অভিযান

গুৱাহাটী পৌৰ নিগমে ডেংগো বিৰোধি উপায় হিচাপে ছটিয়াকৰণ আৰু কুঁৱলীকৰণ কাৰ্য্য পৰিচালনা কৰি আহিছে। জি.এম.চি.এ শেহতীয়াকৈ সমগ্ৰ মহানগৰীকে সামৰি এক বৃহত্ ডেংগো বিৰোধি পদক্ষেপ হাতত লৈছে। গুৱাহাটীত মহৰ প্ৰকোপ নিয়ন্ত্ৰন কৰিবৰ উল্লেখ কৰিব লাগিব যে এই ক্ষেত্ৰত জি.এম.চি.এ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মেলেৰীয়া কাৰ্য্যলয়ৰ সহযোগত কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্থানত ছটিয়াকৰণ আৰু কুঁৱলীকৰণ কাৰ্য্য সম্পাদন কৰি আছে।

নিয়েজিত দলবোৰে নিত্যক্ৰম হিচাপত নিয়মীয়াকৈ কুঁৱলীকৰণ কাৰ্য্য পৰিচালনা কৰে আৰু প্ৰাদুৰ্ভাৱৰ সময়ত ইয়াৰ উন্নত পৰিচালনৰ বাবে কৰিবলৈ দলৰ সংখ্যা বৃদ্ধি কৰা হয়। বৰ্ষটোত ৱাৰ্ড কাউন্সিলাৰ আৰু ক্ষেত্ৰীয় সদস্য আৰু লগতে সাধাৰণ ৰাইজৰ অংশগ্ৰহনেৰেনিগমৰ বিভিন্ন ৱাৰ্ডত ডেংগো আৰু আন আন ভেক্টৰ সৃষ্ট বেমাৰৰ প্ৰতিৰোধি সজাগতা শিবিৰো আয়োজন অনুষ্ঠিত কৰা হৈছে।ৰাষ্ট্ৰীয় নগৰ স্বাস্থ্য অভিযানৰ (এন.এইচ.ইউ.এম.) সহযোগত জি.এম.চি.ৰ তৰফৰ পৰা গুৱাহাটীৰ বিভিন্ন স্থানত ডেংগো সজাগতামূলক বেনাৰো লগোৱা হৈছিল। সজাগতা শিবিৰৰ আয়োজন বা কুঁৱলীকৰণৰ কালচোৱাত ডেংগো প্ৰতিৰোধ আৰু সজাগতা সম্পৰ্কীয় পত্ৰও বিতৰণ কৰা হৈছিল।

সৱিশেষ জানিবৰ বাবে, অনুগ্ৰহ কৰি ক্লিক কৰক।.

কোন ব্যক্তিক যোগাযোগ কৰা উচিত

ড° অনিন্দিতা চন্দা
চিকিৎসা বিষয়া
স্বাস্থ্য শাখা
গুৱাহাটী পৌৰ নিগম
৩য় মহলা, জি.এম.চি. বজাৰ
ফাচী বজাৰ
গুৱাহাটী-৭৮১০০১
ফোনঃ ৯৪৩৫৫৫২১৭৯
ইমেইলঃ anindita2179@gmail.com