মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

পানীৰ সংযোগ পাওক

তালিকাঃ

  • ইয়াত প্ৰতিটো পানী যোগান সংযোগৰ বিপৰীতে মাহিলী ২০০টকাকৈ শুক্ল ধাৰ্জ্য কৰা আছে।
  • কোনো সংযোগ মেৰামতিৰ বাবে নিম্ন লিখিত ঠিকনতা আবেদন কৰিব লাগিব।
  • কোনো অবৈধ পানী সংযোগ থাকিলেও ইয়াৰ বিষয়ে তলৰ ঠিকনাত উত্থাপন কৰিব পাৰিব।

অবলোকন

বৰ্তমান গুৱাহাটী মহানগৰীত পানী যোগান ব্যৱস্থা তিনিটা বিভাগে পৰিচালনা কৰি আছে, সেইয়া হৈছে গুৱাহাটী পৌৰ নিগম (জি.এম.চি.), অসম চহৰীয়া জল যোগান আৰু মল ব্যৱস্থাপনা পৰিষদ (এ.ইউ.ডব্লিও.এছ.এছ.বি.) আৰু জনস্বাস্থ্য কাৰিকৰী দিবস পি.এইই.ডি.। বৰ্তমানৰ এই কাৰ্য্যক্ষম পানীযোগান ব্যবস্থাই মহানগীৰৰ মূঠ ৩০শতাংশ আৱাসিকক পানী যোগান ধৰি আছে। এই পানী যোগান ব্যৱস্থাৰ উপৰিও আবসিক সকলৰ সৰহ ভাগেই ভূ-গৰ্ভৰ পানী আৰু টেংকাৰৰ দ্বাৰা যোগান ধৰা পানী ব্যৱহাৰ কৰে।

যোগ্যতাৰ মাপকাঠী

পানীৰ যোগানৰ বাবে আবেদন কৰা লোকজনৰ থকাটো বাধ্যতামূলক

  • শেষ তাৰিখ পৰ্য্যন্ত কৰ প্ৰদানৰ ৰচিদ
  • গৃহৰ সবিশেষ তথ্য

প্ৰ-পত্ৰ পূৰণৰ নিয়মাৱলী

প্ৰ-পত্ৰ জমা কৰাৰ সময়ত সকলো নথি প্ৰদান কৰাটো বাঞ্চনীয়, আৰু যদি অনলাইন প্ৰ-পত্ৰ পুৰণ কৰা হৈছে তেনেহলে সকলো নথি আগতিয়াকৈ স্কেন কৰি প্ৰস্তুত কৰি থব লাগে।

মাচুল:

  • ব্যক্তিগত ব্যৱহাৰৰ বাবে মাহিলি জল শুক্লৰ হাৰ হৈছে কমেও ২০০.০০টকা।
  • চৰকাৰী প্ৰতিষ্ঠান/ বাণিজ্যিক অনুষ্ঠান/ চিকিত্সালয়ত মাহিলী জল শুক্ল হৈছে ৪০০.০০টকা।
  • ষ্ট্ৰিট হাইড্ৰেণ্টৰ পৰা পানী সংগ্ৰহ কৰা পৰিয়ালে মাহিলী ২০০.০০টকাকৈ জল শুক্ল দিব লাগিব।
  • প্ৰতিটো সংযোগৰ বিপৰীতে ৫০০.০০টকাকৈ নিৰাপত্তা জমা হিচাপত আৰোপ কৰা হয়। যদি কোনো উপভোক্তাই মাহিলি শুক্ল নিয়মিত ভাৱে প্ৰদান নকৰে তেনেহলে এই পৰিমাণৰ সৈতে ইয়াক সমযোজনা কৰা হয় আৰু তাৰ পাছতেই সংযোগ বিচিন্ন কৰা হয় যদিহে এই ধন সম্পূৰ্ণকৈ সমযোজিত হৈ পৰে। আৰু যদিহে সংযোগ বিচিন্ন কৰাৰ পাছত পুনঃ ইয়াক সংযোগ কৰাৰ বাবে দাবী কৰে তেনেহলে উপভোক্তাক ১০০০টকা জৰিমণা বিহা হয় আৰু এই ধন পূৰ্বে পানী যোগানৰ সংযোগ স্থাপনৰ সময়ত জমা দিয়া নিৰাপত্তা ধনৰ অতিৰক্ত হিচাপে আদায় দিব লাগিব।
  • ঘৰুৱা ব্যৱহাৰৰ বাহিৰে আন আন উপভোক্তা সকলৰ বাবে এই নিৰাপত্তা ধনৰ পৰিমাণ হৈছে সংযোগে প্ৰতি ৮,০০০.০০টকা।
  • অস্থায়ী সংযোগৰ ক্ষেত্ৰত নিৰাপত্ত ধনৰ উপৰিও অগ্ৰিম জল শুক্ল হিচাপে এবছৰৰ বাবে ২৪০০.০০/-টকা ৪৮.০০.০০/-টকা প্ৰদান কৰিব লগিব।
  • পথ মেৰামতি আৰু শ্ৰমীকৰ মজুৰীৰ উপৰিও উপভোক্তাই পানী সংযোগৰ বাবত আনুমাণিক ৪০০.০০টকা প্ৰদান কৰিব লগিব।

নথি প্ৰয়োজন (যিখনেই প্ৰয়োজন হয়)

  • আবেদন প্ৰ-পত্ৰ (তলত দিয়া আছে) যদিহে অনলাইন আবেদন কৰা নাই
  • ভূমি সংক্ৰান্তীয় নথিৰ প্ৰমাণিত প্ৰতিলিপি/সূলভ মূল্যৰ পৰিচয় পত্ৰ/ এ.এছ.ই.বি.ৰ বিল/টেলিফোন বিল।
  • উন্নিত কৰ প্ৰদানৰ ৰচিদ
  • ২০০৮চনৰ ১২চেপ্তেম্বৰ তাৰিখৰ পাছত নিজৰ সম্পত্তিৰ মূল্যাংকণ/পুণমূল্যাংকণ হৈছে বুলি স্ব-স্পষ্টিকৰণ।
  • যদিহে বাসস্থানৰ ভূমি নিজৰ নহয় তেনেহলে ভূমিৰ গৰাকী বা সংশ্লিষ্ট বিভাগৰ পৰা আপত্তি নথকাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগিব।
  • নিম্নোল্লেখিত সকলৰ পৰা স্পষ্টিকৰণ

কিদৰে আবেদন কৰিবঃ

  • অনলাইন আবেদন কৰাৰ আগতে, সকলো যাবতীয় নথি স্কেন কৰি প্ৰস্তুত কৰি থোৱা আছে বুলি নিশ্চিত হওক।
  • যদিহে মেনুৱেলী জমা কৰে, প্ৰ-পত্ৰখন পূৰণ কৰক (তলত ডাউনলোড কৰিব পাৰিব)
  • প্ৰ-পত্ৰ সমূহ পূৰণ কৰি অধিক্ষক অভিযন্তাৰ কাৰ্য্যালয়, জি.এম.চি. পানী যোগান শাখা, পানবজাৰ-০১ত জমা দিব লাগিব।

সেৱাৰ ধৰণঃ

ই এক অনলাইন সেৱা। অনলাইল প্ৰ-পত্ৰ পূৰণ কৰিবলৈ, ইয়াতে ক্লিক কৰক.

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ:

নতুন পানী যোগান সংযোগ ডাউনলোড কৰক

স্পষ্টিকৰণৰ প্ৰমাণ পত্ৰ ডাউনলোড কৰক

কাক যোগাযোগ কৰিব:

শ্ৰী মনোৰঞ্জন ভৰালী,
অধীক্ষক অভিযন্তা,
জল কাৰিকৰী বিভাগ
গুৱাহাটী পৌৰ নিগম
পানবজাৰ, গুৱাহাটী -৭৮১০০১   
ফোন নং:  +৯১ ৭০৮৬০৫৩৯৭০   
ইমেইল: manoranjanbharali123@gmail.com