জন্তু উঠোৱাৰ সময়ত লেছিয়ে মানিব লগীয়া নীতি নিয়ম সমূহ তলত উল্লেখ কৰা হলঃ
১) লেছিএ সঠিক প্ৰদৰ্শনৰ বাবে বাবে এক চুক্তি আৰু লগতে ক্ষতিপূৰণ তমছুক কাৰ্য্যকৰি কৰিব লাগিব।
২) বাচনি কৰা নিবিদাকৰে জন্তুৰ বাঁহাৰ পৰিচালনা কৰিবলৈ পৰ্য্যাপ্ত পৰিমাণে ওখ স্থানৰ ব্যৱস্থা কৰিব লাগিব আৰু এই ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে কোনো ভূমী প্ৰদান নকৰে।
৩) বাঁহাৰৰ ভিতৰত থকা সমগ্ৰ পশুসম্পত্তি তথা এই সমূহক ধৰি অনা স্থানৰ পৰা পৰিবহন কৰাওতে সমম্ত দায়িত্বলেছিয়ে বহন কৰিব লাগিব। এই ক্ষেত্ৰত কোনোধৰণৰ মোকৰ্দমাৰ বাবে লেছিয়েই দায়বদ্ধ।
৪) লেছিএ পশু পৰিবহন আইন, ১৯৭৮ সঠিকভাৱে অনুসৰণ কৰাটো বাঞ্চনীয়।
৫) লছীৰ ম্যাদ কেৱল এবছৰৰ বাবেহে আৰু এই ম্যাদ কাৰ্য্যকৰি হব লিখিত আদেশ/বুজাবুজিৰ এল.ও.আই. (ইচ্ছা পত্ৰ) দিনৰ পৰা। লেছিয়ে জি.এম.চি.ক নিৰাপত্তা ধন হিচাপে ৫০,০০০টকা (পঞ্চাশ হাজাৰ টকা) জমা দিব লাগিব।
৬) লেছিয়ে বাঁহাৰৰ আলোকচিত্ৰ সহ পশুধনৰ সম্পূৰ্ণ বিৱৰণি উল্লেখ কৰি এখন পঞ্জী ৰাখিব লাগিব আৰু সেইবোৰ নিতৌ বৰ্ডত প্ৰদৰ্শন কৰিব লাগিব।
৭) পশু জব্দ কেৱল দিনৰ ভাগত কৰাটো বাঞ্চনীয় আৰু এইয়া কৰিব যাওতে লেছিয়ে এগৰাকী পশু চিকিত্সক বিষয়া অথৱা লেছিৰ দ্বাৰা অনুমোদিত কোনো কৰ্মচাৰীক লগত নিব লাগিব। পশুচিকিত্শালয়ৰ বিষয়া বা জি.এম.চি.ৰ কৰ্মচাৰী অবিহনে লেছিয়ে পশু জব্দ কৰিব নোৱাৰিব।
৮) লেছিয়ে পশু জব্দ কৰাৰ দিনা ইয়াৰ বিষয়ে গুৱাহাটীৰ সকলো আৰক্ষী থানাক অৱগত কৰিব লাগিব।
৯) কেৱল পশুচিকিত্সা শাখাইহে সপ্তাহত দুবাৰকৈ বিপথগামী পশুক জব্দ কৰিব পাৰিব। ব্যতিক্ৰমী ক্ষেত্ৰত পশুচিকিত্সা বা জি.এম.চি. বিষয়াৰ অনুপতি সাপেক্ষে যিকোনো দিনত পশু জব্দ কৰিব পাৰি।
১০) জব্দ কৰাৰ ৭দিন পাছতহে নিলাম কৰিব পাৰিব, যেনে (জালুকবাৰী অঞ্চলৰ) বাবে শুকুৰবাৰে দিনৰ ভাগত ১০বজাৰ পৰা বাৰ বজালৈ আৰু (খানাপাৰা অঞ্চলৰ) বাবে বৃহস্পতিবাবে ১০বজাৰ পৰা ১২বজালৈ আৰু যদি নিৰ্ধাৰিত দিনটো কোনো বন্ধৰ দিন হয় তেনেহলে পাছৰ কৰ্মদিনটো নিলামৰ দিন হিচাপে গণ্য কৰা হব।
১১) লেছি বা তেওঁৰ কৰ্মাচাৰীয়ে জি.এম.চি. আয়ুক্তৰ দ্বাৰা প্ৰদান কৰা পৰিচয় পত্ৰ বহন কৰিব লাগিব আৰু কলা হাফ-পেণ্ট আৰু ধোৱাৰঙৰ টি-চাৰ্টৰ (ঠাণ্ডাৰ দিনত সেউজীয়া পুলঅভাৰ) পৰিধান কৰিব লাগিব। লেছিৰ ম্যাদ উকলাৰ লগে লগে পৰিচয় পত্ৰ সমূহৰো স্বয়ংক্ৰীয় ভাবে ম্যাদ সমাপ্ত হব।
১২) লেছিয়ে জব্দ কৰা জন্তু সমূহ বাঁহাৰৰ ভিতৰত ৰাখিব লাগিব আৰু তাত আৱৰণ থকাটো বাঞ্চনীয়। কোনো কাৰণতে জব্দ কৰা পশুক বাঁহাৰৰ বাহিৰত চৰিবলৈ এৰি দিব নালাগিব
১৩) লেছিয়ে বাঁহাৰত থকা পশু বোৰক পৰ্য্যাপ্ত পৰিমাণে নিমখ আৰু পানীৰ লগতে আহাৰ যোগান ধৰিব লাগিব।
১৪) কেৱল জি.এম.চি. কতৃপক্ষইহে নিলাম বা গৰাকীক গটাই দিবৰ কাৰণে পশুক মূকলি কৰিব পাৰিব। যদি লেছিয়ে জি.এম.চি. কতৃপক্ষৰ অজ্ঞাতে কোনো পশুক মূকলি কৰি দিয়ে তেনেহলে এনে দোষী লেছিৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে গোচৰ তৰিব আৰু ইয়াৰ ক্ষতিপুৰণো লেছিৰ পৰাই আদায় কৰিব।
১৫) পশুক মূকলি কৰাৰ সময়ত, লেছিয়ে পশুৰ ক্ৰমিক নং আৰু তাৰিখ সংলগ্ন কৰি পশুৰ সৈতে পশুৰ গৰাকী বা গৰাকীৰ দ্বাৰা প্ৰেৰিত প্ৰতিনিধিৰ আলোকচিত্ৰ গ্ৰহন কৰিব লাগিব। পশুৰ গৰাকীৰ পৰা মাত্ৰ ৫০টকা (পঞ্চাশ টকা) মাননী হিচাপে লব পাৰিব।
১৬) পশুক মূকলি কৰাৰ সময়ত, ইয়াৰ গৰাকীয়ে পশুচিকিত্সা শাখা আৰু জি.এম.চি.ক পৰ্য্যাপ্ত নথি জমা দিব লাগিব আৰু ৫০০টকা (পাঁচশ টকা) জৰিমনা হিচাপে দিব লাগিব।
১৭) পশু জব্দ, পশু ৰখা বা জব্দ কৰা পশু মূকলি কৰাৰ ক্ষেত্ৰত যদি লেছিৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন হয়, তেনেহলে পশুচিকিত্খা শাখা বা জি.এম.চি.ৰ ফালৰ পৰা কোনো স্পষ্টিকৰণ প্ৰতিবেদন লাভ নকৰালৈ জব্দকৰণ প্ৰক্ৰীয়া অস্থায়ী বা স্থায়ী ভাবে বন্ধ থাকিব।
১৮) নিলাম প্ৰক্ৰীয়া নোহোৱা পৰ্য্যন্ত লেছিএ প্ৰতিদিনে পশুৱে প্ৰতি ২০০টকাকৈ আৰোপ কৰিব পাৰে।
১৯) লেছিয়ে পশু জব্দ কৰা স্থানৰ পৰা বাঁহাৰলৈ পৰিবহন কৰাৰ খৰচৰ বাবত পশুৰ গৰাকীৰ পৰা এক উচিত মুল্যাংকণৰ জৰিয়তে সঠিক মূল্য দাবী কৰিব পাৰে।
২০) সফল নিবিদাকাৰী সকলে কোনো উচিত স্থানত নিজৰ খৰচত গুৰুত্বপূৰ্ণ চৰ্তাৱলী আৰু প্ৰযোজ্য হাৰ উল্লেখ কৰি চাইনবৰ্ড লগাব পাৰে।
২১) নিলাম ধনৰ আটাইতকৈ কম শতাংশ ধন বিচৰা নিবিদাকাৰীকহে (লেছি) বাচনি কৰা হব।
২২) নিলাম কৰা পশুৰ ক্ষেত্ৰত, পশুচিকিত্সা বিষয়া বা জি.এম.চি.ৰ দ্বাৰা প্ৰমাণ পত্ৰ জমা কৰাৰ পাছতহে জি.এম.চি. কতৃপক্ষই নিলাম ধনৰ নিৰ্ধাৰিত শতাংশ লেছিক প্ৰদান কৰিব। কোনো অতিৰিক্ত ধন লেছিক প্ৰদান কৰা নহব।
২৩) লেছিয়ে পশু নিলাম/পশু জব্দ সম্পৰ্কে স্থানীয় বাতৰি কাকতত প্ৰকাশ কৰিব।
২৪) লেছিয়ে নিৰ্ধাৰিত হাৰতহে জৰিমণা সংগ্ৰহ কৰিব। লেছিৰ দ্বাৰাই হওক বা তেওঁৰ কোনো কৰ্মচাৰীৰ দ্বাৰাই হওক, অতিৰিক্ত জৰিমণা দাবী কৰাৰ অভিযোগ উত্থাপনৰ ক্ষেত্ৰত, আই.পি.চি. ধাৰা ৩৮৪ৰ অধীনত লেছিয়ে বিৰুদ্ধে আইনি ব্যৱস্থা গ্ৰহন কৰা হব আৰু ইয়াৰ লগতে লেছিৰ চুক্তিও বাতিল কৰা হব।
২৫) লেছিৰ ম্যাদ উকলি নোযোৱাকৈএ যদি লেছিয়ে অসম্পূৰ্ণ আত্মসমৰ্পণ কৰে তেনেহলে ইয়াৰ বিপৰিতে তেঁও কোনো ক্ষতিপূৰণ পোৱাৰ বাবে যোগ্য নহব, আৰু এনে আত্মসমৰ্পনৰ ক্ষেত্ৰত, তেওঁ জমা দিয়া নিৰাপত্তা ধন ঘুৰাই নাপাব।
২৬) উপৰোক্ত স্বৰ্তাৱলী সমূহ অৱমাননা কৰিলে লেছি বাতিল কৰা হব আৰু তেওঁ প্ৰদান কৰা নিৰাপত্তা ধনৰ লগতে নিলামৰ ধনো বাজেয়াপ্ত হব।
২৭) বাঁহাৰ সম্পৰ্কে গুৱাহাটী পৌৰ নিগম কতৃপক্ষই কোনো সিদ্ধান্ত কৰিলে সেইয়াই চুৰান্ত সিদ্ধান্ত হব।
ড. প্ৰদীপ মেধি
পশুচিকিত্সা বিষয়া
পশুচিকিত্সা শাখা
ফাচী বজাৰ, গুৱাহাটী-৭৮১০০১
ফোন নং- ৭০৮৬০৫৩৯৪৩
ইমেইলঃ pradipcmedhi@gmail.com