মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

শৌচাগাৰ

ব্যক্তিগত গৃহ শৌচাগাৰ

ৱাৰ্ড সমূহৰ পৰা মূঠ ৭১৩৫ খন আবেদন লাভ কৰা হৈছে। সংশ্লিষ্ট ৱাৰ্ড সমূহৰ সদস্য সচিব আৰু অধ্যক্ষ্য সকলে এই আবেদন পত্ৰ সমূহৰ সত্যাসত্য নিৰোপণ কৰাৰ লগতে অনুমোদন জনাইছে। এতিয়ালৈ সকলো আচল হিতাধিকাৰীক(৬৭৭৭) অনলাইন যোগেৰে সত্যাসত্য নিৰোপন কৰা হৈছে। অনলাইন মঞ্জুৰী প্ৰদানৰ এই ধাৰা অব্যাহত আছে আৰু এতিয়ালৈ ৯১৫গৰাকী হিতাধিকাৰীক মঞ্জুৰী প্ৰদান কৰা হৈছে।

গৃহসমূহ যিটো সংমণ্ডলৰ অন্তৰ্গত অন্তৰ্গতব্যক্তিগত গৃহ শৌচাগাৰৰ বাবে আবেদন পত্ৰ সমূহসেই সংমণ্ডলতহে জমা দিব লাগিব। বিতং তথ্যৰ বাবে আপুনি আপোনাৰ ক্ষেত্ৰ সভা সদস্য বা ৱাৰ্ডৰ পাৰিষদ সকলক যোগাযোগ কৰিব পাৰে।

সমূহীয়া শৌচাগাৰ

পূৰুষ আৰু মহিলাৰ বাবে শৌচাগাৰ আৰু প্ৰসাৱগাৰেৰে সমৃদ্ধ সাধাৰণ সমূহীয়া শৌচাগাৰ নিৰ্মাণ কৰিবলৈ নিৰ্দিষ্ট স্থানৰ সৈতে বস্তি চিনাক্ত কৰা,ডব্লিও.চি সমূহ আৰু এক স্নানক্ষেত্ৰৰ প্ৰক্ৰিয়া চলি আছে।

কাৰ্য্যৰত ৰাজহুৱা শৌচাগাৰ

গুৱাহাটীৰস্বচ্ছতা আৰু স্বস্থ্যবিধিৰ বৰ্তমান স্থিতি অনুসৰি, ৰাইজৰ সূবিধাৰ্থে শৌচাগাৰ নিৰ্মাণ কৰিবলৈ মহানগৰীৰ চাৰিওফালে সংকটপূৰ্ণ অঞ্চলবোৰ চিনাক্ত কৰা হৈছে। এই স্থান সমূহ প্ৰধান প্ৰধান অঞ্চল সমূহত স্থিত যত শৌচাগৰৰ প্ৰয়োজনীয়তা অধিক। এই শোচাগাৰ সমূহৰ আৰ্হি এনেদৰে নিৰ্ধাৰণ কৰা হৈছে যাতে বিশেষকৈ মহিলা বা বিশেষভাৱে সক্ষম লোক সকলৰ বাবে উপযুক্ত স্বাস্থ্যবিধিৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিব পাৰি।

মহিলাসকলক তেওঁলোকৰ সুবিধাৰ বাবে আধুনিক স্কুৱেটিং পান আৰু শৌচালয়ৰ ব্যৱস্থা প্ৰদান কৰা হৈছে। ৰাজহুৱা-ব্যক্তগত সহযোগ ভিত্তিত গুৱাহাটী পৌৰ নিগমে নিৰ্মিত কাৰ্য্যৰত শৌচাগাৰ সমূহৰ স্থানৰ তালিকা তলত উল্লেখ কৰা হলঃ

  • ফাচী বজাৰ- ২০ আসন
  • নেপালি মন্দিৰ- ২ আসন
  • খানাপাৰা- ৬ আসন
  • ভাঙাগড়- ৪ আসন

নিম্নোল্লেখিত স্থান সমূহৰ বাবে ততোধিক শৌচাগাৰৰ প্ৰস্তাৱ কৰা হৈছেঃ

  • ভঙাগড় উৰণীয়া সেতু (তলত)
  • বশিষ্ঠ মন্দিৰ
  • মঠঘৰীয়া
  • উপায়ুক্ত কাৰ্য্যালয় চৌহদ
  • পানবজাৰ

ই-শৌচাগাৰ

মহানগৰীৰ স্বচ্ছতা খণ্ডত এক নতুন অধ্যায় আৰম্ভ কৰি গুৱাহাটীৰ মালিগাৱ চাৰিআলিস্থিত পথাচাৰী দলংৰ কাষত জি.এম.চি.এ ২০১৫ চনৰ ১৭মে তাৰিখেপুৰুষ আৰু মহিলাৰ বাবে পৃথকে পৃথকে দুটা ই-শৌচাগাৰ স্থাপন কৰে। ই-শৌচাগাৰক ৰাজহুৱা ব্যৱহাৰোপযোগিতা হিচাপে গণ্য কৰা উত্তৰ-ভাৰতৰ ভিতৰত এনে ক্ষেত্ৰত এইয়াই আছিল প্ৰথম।

সংবাহ্য শৌচাগাৰ

গুৱাহাটী মহানগৰীত প্ৰৰ্য্যাপ্ত স্থানৰ অভাৱৰ বাবেই পুৰুষ আৰু মহিলা উভয়ৰ বাবে পৃথকে পৃথকে মহানগৰীৰ বিভিন্ন স্থানত সংবাহ্য শৌচাগাৰ স্থাপনৰ প্ৰস্তাৱ কৰা হৈছে। তলত উল্লেখ কৰা স্থান সমূহত সংবাহ্য শৌচাগাৰ স্থাপন কৰা হৈছেঃ

  • এছ.বি. দেওৰা মহাবিদ্যালয়ৰ সমীপত
  • ছয় মাইল উৰণীয়া সেতুৰ তলত
  • দিছপুৰ মহাবিদ্যালয়ৰ সমীপত
  • জু-তিনিআলিৰ কাষত
  • অনিল নগৰ চুম্প/গায়িত্ৰি চুইটৰ কাষত
  • পানবজাৰত, জল কাৰ্য্য কাৰ্য্যালয়ৰ সমীপত
  • চান্দমাৰিত, উৰণীয়া সেতুৰ তলত
  • ৰুক্মিনী গাঁৱত

ক্ষেত্ৰতে বৰ্জ্যৰ নিষ্কাষন – জৈৱ পাচন টেংক

জৈৱ পচন টেংকৰ জৰিয়তে ক্ষেত্ৰতে নিষ্কাষনকাৰী এক উপাদান সংযুক্ত কৰা হয়মহানগৰীত নিৰ্মাণ কৰা ৰাজহুৱাশৌচাগাৰ সমূহত বৰ্জ্যৰ পাৰিপাৰ্চিক আৰু স্বচ্ছতামূলক পচনৰ বাবে।

মূকলিত শৌচকৰাৰ পৰা মূক্ত

এক কৌশল প্ৰস্তুত কৰা হৈছেগুৱাহাটী পৌৰ নিগমৰ অধীনত ৱাৰ্ড ঘোষণা কৰিবৰ বাবে যি ৱাৰ্ডৰ পৰ্য্যবেক্ষণৰ বাবে এক তৃতীয় পক্ষক চামিল কৰিব। মহানগৰীৰ বিদ্যালয় সমূহ আৰু নিজ নিজ সংশ্লিষ্ট অঞ্চলবোৰৰ আত্ম সহায়ক গোট সমূহৰ পৰাহে মূকলিত শৌচ কৰাৰ পৰা মূক্ত হোৱাৰ ঘোষণা লাভ কৰা হল। ২৪গৰাকী ৱাৰ্ড পাৰিষদৰ পৰা মূকলিত শৌচ কৰাৰ পৰা মূক্ত ঘোষণাৰ প্ৰ-পত্ৰ লাভ কৰা হৈছিল আৰু ও.ডি.এফ স্থিতি প্ৰদান কৰাও হৈছে।