মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

জন্তু বাঁহাৰ আৰু পোহনীয় জন্তুৰ পঞ্জীকৰণ

পোহনীয়া কুকুৰৰ পঞ্জীয়ন

১. জি.এম.চি. আইনৰ অধীনত পোহনীয়া কুকুৰৰ পঞ্জীয়ন বাধ্যতামূলক, এই আইন অৱমাননা কৰিলে/মানাত বফল হলে ইয়াক আইন ভংগ কৰা বুলি গণ্য কৰা হব আৰু অ দণ্ডনীয়।
২. বাচনি কৰা বেচৰকাৰী সংগঠনে গৰাকীৰ পৰা কুকুৰে প্ৰতি ১১০টকা সংগ্ৰহ কৰিব পাৰিব। (১০০টকা পঞ্জীয়ন খৰচ আৰু ১০টকা আবেদন খৰচ)
৩. বাচনি হোৱা বেচৰকাৰি সংগঠন/সমিতিয়ে ৬০টকাত জি.এম.চি. পশুচিকিত্সা শাখাৰ পৰা ধাতুৰ টেগ সংগ্ৰহ কৰিব লাগিব। (পঞ্জীয়ন খৰচৰ ৫০শতাংশ আৰু ১০টকা আবেদন খৰচ)
৪. কুকুৰ সম্বন্ধে কোনো অভিযোগ গ্ৰহন কৰিবলৈ বাচনি হোৱা বেচৰকাৰি সংগঠন/সমিতিৰ নিজা কৰ্মচাৰী থকাটো বাঞ্চনীয়।
৫. জি.এম.চি.ৰ সংশ্লিষ্ট কৰ্মচাৰীয়ে বেচৰকাৰি সংগঠন/সমিতিৰ নামত ধাতুৰ টেগ ক্ৰয়ৰ বিপৰীতে ৰছিদৰ প্ৰদান কৰিব।
৬. বেচৰকাৰি সংগঠন/সমিতিয়ে অধিনিয়ম, ১৯৭৫ৰ ধাৰাৰ অধীনত নিৰ্ধাৰিত প্ৰ-পত্ৰ ‘A’ আৰু ‘B’ চপা কৰিব লাগিব। (গুৱাহাটীৰ ভিতৰত ৰখা কুকুৰৰ বাবে আৰোপ কৰা কৰ)।
৭. জি.এম.চি., পশুচিকিত্সা বিষয়াৰ পৰা পঞ্জীয়ন প্ৰমাণ পত্ৰত হস্তাক্ষৰ গ্ৰহন কৰি সেইবোৰ নিজৰ খৰচত বেচৰকাৰি সংগঠন/সমিতিয়ে কুকুৰৰ গৰাকীক প্ৰেৰণ কৰাটো দায়িত্ব।
৮. বেচৰকাৰি সংগঠন/সমিতিয়ৰ সদস্যই দুৱাৰে দুৱাৰে যোৱাৰ বাবত হোৱা খৰচো বেচৰকাৰী সংগঠনে বহন কৰিব লাগিব।
৯. প্ৰটিতো বিত্তীয় বৰ্ষতে পঞ্জিকৰণ নবীকৰণ কৰাটো বাঞ্চনীয় আৰু বছৰেকীয়া নবীকৰণৰ ধনো বেচৰকাৰী সংগঠনে জি.এম.চি. পশুচিকিত্সা শাখাক জমা দিব লাগিব ইয়াৰ বিপৰীতে ৰছিদ গ্ৰহন কৰিব।
১০. সংশ্লিষ্ট বেচৰকাৰী সংগঠনে নিজৰ ফালৰ পৰা সংশ্লিষ্ট ব্যক্তিক সুকিয়াকৈ ৰছিদ প্ৰদান কৰিব লাগিব যি জি.এম.চি.ৰ পশুচিকিত্সা বিষয়াৰ দ্বাৰা প্ৰমাণিত হব।
১১. সংশ্লিষ্ট জি.এম.চি. বিষয়া/কৰ্মচাৰীয়ে সময়ে সময়ে বেচৰকাৰি সংগঠন/সমিতিৰ ৰছীদ বহী পৰ্য্যবেক্ষণ কৰিব।
১২. যদি ধাৰা কোনো নিয়ম বেচৰকাৰি সংগঠন/সমিতিয়ে ভংগ কৰে তেনেহলে জি.এম.চি. কতৃপক্ষৰ সিদ্ধান্তই চুৰান্ত সিদ্ধান্ত হব।
১৩. সময়ে সময়ে যিকোনো ধাৰাৰ উন্নিতকৰণ/সালসলনি কৰাৰ ক্ষেত্ৰত জি.এম.চি. আয়ুক্তই সম্পুৰ্ণ কতৃত্ব বহন কৰে আৰু দৰকাৰ হলে কোনো কাৰণ নদৰ্শোৱাকৈ যিকোনো চুক্তি বাতিল কৰিবও পাৰে।
১৪. পঞ্জীয়নৰ সময়ত পোহনীয়া জন্তুৰ সৈতে গৰাকীৰ আলোকচিত্ৰ গ্ৰহন কৰাটো বাঞ্চনীয়।
১৫. যেতিয়াই প্ৰয়োজন হয় কাৰ্য্যক্ৰমণিকাৰ তত্বাৱধান কৰা আৰু পৰ্য্যবেক্ষণ কৰাৰ ক্ষমতাও বহন কৰে জি.এম.চি.ৰ মনোনীত বিষায়াৰ।
১৬. যদি কোনোলোকে পোনপটীয়াকৈ যোগাযোগ কৰে তেনেহলে জি.এম.চি.ৰ পশুচিকিত্সা শাখাইও পোহনীয়া জন্ত্ৰুৰ পঞ্জীয়ন কৰিব পাৰে।
১৭. তিনি মাহ উৰ্ধৰ পোহনীয়া জন্তুৰহে পঞ্জীয়ন কৰাটো বাঞ্চনীয়।

কাক যোগাযোগ কৰিব

ড. প্ৰদীপ মেধি
পশুচিকিত্সা বিষয়া
পশুচিকিত্সা শাখা
ফাচী বজাৰ, গুৱাহাটী-৭৮১০০১
ফোন নং- ৭০৮৬০৫৩৯৪৩
ইমেইলঃ pradipcmedhi@gmail.com