নগৰ স্বচ্ছতা উন্নয়নৰ বাবে চহৰ সমূহক উত্সাহী কৰি তুলাৰ বাবে এক পাতনি হিচাপে, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰনালয়ে (পূৰ্বৰ নগৰ উন্নয়ন মন্ত্ৰনালয়) ২০১৬ চনৰ জানুৱাৰী মাহত ৭৩খন চহৰক ৰেটিং প্ৰদান কৰিবৰ বাবে ‘স্বচ্ছ সৰ্বেক্ষণ ২০১৬’ সমীক্ষা ক্ৰমান্বয়ে ‘স্বচ্ছ সৰ্বেক্ষণ ২০১৭’ ২০১৭ চনৰ জানুৱাৰীত, ২০১৮চনত ফেব্ৰুৱাৰী মাহত ৪৩৪ চহৰৰ বাবে পৰিচালনা কৰে। নগৰ সমূহক ৰেংকিং প্ৰদানৰ এই অনুশিলনৰ আকাৰ বৃদ্ধিৰ উদ্দেশ্যৰে আৰু লগতে নগৰ-চহৰ সমূহক সক্ৰীয় ভাৱে এই অভিযানৰ পদক্ষেপ সমূহ সময়মতে আৰু নতুন ৰূপত ৰূপায়ন কৰাৰ দিশত উত্সাহ প্ৰদান কৰিবলৈ গৃহ নিৰ্মাণ মন্ত্ৰনালয়ে ২০১৭ বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈ চলা সমিক্ষাৰ ফলাফলৰ ভিত্তিত স্বচ্ছ ভাৰত অভিযান-চহৰৰ অধীনত (এছ.বি.এম.-ইউ.) ৪০৪১খন চহৰক স্থান প্ৰদানৰ বাবে তৃতীয়টো সমিক্ষা চলাবলৈ প্ৰস্তাৱ গ্ৰহন কৰিছে।
এই সমীক্ষাৰ উদ্দেশ্য হৈছে বৃহত্ সংখ্যক লোকক অংশ গ্ৰহনৰ বাবে উত্সাহী কৰি তুলাৰ লগতে একেলগে কাম কৰা আৰু নিজৰ চহৰখনক বসবাস কৰাৰ ক্ষেত্ৰত সুন্দৰ-সৰ্বাংগীন কৰি তুলাৰ যি গুৰুত্ব এই বিষয়ে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত সজাগতা সৃষ্টি কৰা। ইয়াৰোপৰি, স্বচ্ছ চহৰ গঢ়ি তুলাৰ উদ্দেশ্যৰে এই সমিক্ষাই নাগৰিকক সেৱা প্ৰদান কৰা ব্যৱস্থাটো উন্নত কৰাৰ বাবে নগৰ-চহৰ সমূহৰ মাজত শক্তিশালি প্ৰতিযোগিতাৰ মনোভাৱ সৃষ্টি কৰাৰো প্ৰয়াস কৰে।
স্বচ্ছ সৰ্বেক্ষণত গুৱাহাটী মহানগৰীয়েও অংশ গ্ৰহন কৰিছিল যত ২০১৬চনত ৭৩খন চহৰৰ ভিতৰত ৫০সংখ্যক স্থান আৰু ২০১৭ বৰ্ষত ৪৩৪খন চহৰৰ ভিতৰত ১৩৪ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান গুৱাহাটী পৌৰ নিগমে স্বচ্ছ সৰ্বেক্ষণ ২০১৮ৰ কাৰণে প্ৰস্তুতি চলাই আছে। বিষয়া-কৰ্মচাৰী সকলৰ প্ৰশিক্ষণ কাৰ্য্যসুচী প্ৰস্তুত কৰি থকা হৈছে আৰু লগতে বিগত স্বচ্ছ সৰ্বেক্ষণৰ বিশ্লষণো অব্যাহত আছে আৰু ইয়াৰ ক্ৰুটি সমুহ আতৰ কৰাৰ বাবেও পদক্ষেপ গ্ৰহন কৰি থকা হৈছে।