চহৰ পৰিবৰ্তনৰ লক্ষ্যৰে পৰ্য্যাপ্ত শক্তিশালী মল নেটৱাৰ্ক আৰু পানী যোগান ব্যৱস্থা সুনিশ্চিত কৰাৰ উদ্দেশ্যৰে আন্তগাঠনী নিৰ্মাণ কৰিবলৈ চহৰ নৱীকৰণ প্ৰকল্পৰ উপৰত গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰীয় চহৰ উন্নয়ন মন্ত্ৰণালয়ৰ অধীনত প্ৰধান মন্ত্ৰীয়ে ২০১৫চনৰ জুন মাহত এই আচনী উদ্বোধন কৰিছিল। এই আচনী ৰাজহুৱা-ব্যক্তিগত অংশগ্ৰহন আৰ্হিৰ উপৰত নিৰ্ভৰশীল। প্ৰয়োজন অনুসাৰে ৰাজ্যৰ পানী যোগান, মল ব্যৱস্থাপনা আৰু আন্তগাঠনী উন্নয়ন সম্পৰ্কীয় নানা আঁচনিৰ লগতে স্বচ্ছ ভাৰত অভিযান, সকলোৰ বাবে গৃহ ২০২২ আদি আচনী সমূহকো পুনৰজীৱন আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযানৰ সৈতে সংযোগ কৰিব পাৰি। গৃহসমূহক বুনিয়াদী সেৱা (যেনে পানী যোগান, মল ব্যৱস্থাপনা, চহৰ যাতায়াত) প্ৰদান কৰা আৰু চহৰত সুবিধা নিৰ্মাণ কৰা যি সকলোৰে জীৱন জাপনৰ মাণদণ্ড উন্নত কৰিব, বিশেষকৈ দুখীয়া আৰু অনগ্ৰসৰ লোক সকলক এই সমস্ত সুবিধা প্ৰদান কৰাই হৈছে এই আঁচনিৰ ৰাষ্ট্ৰীয় প্ৰথমিকতা।
এনে সুবিধাসমূহে সাধাৰণ জনতা বিশেষকৈ মহিলাসকলক বিশেষভাৱে উপকৃত কৰে যাৰ বাবে নগৰ উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা সেৱা স্তৰৰ বেন্সমাৰ্কৰ (SLB)ৰ ৰূপত বিভিন্ন সংকেতৰ ব্যৱস্থা কৰা হৈছে।
পাঁচটা মূল লক্ষ্য ক্ষেত্ৰৰ ভিতৰত পানী যোগান আৰু মল ব্যৱস্থাপনা হৈছে প্ৰধান যত ১০০শতাংশ সফলতা লাভ কৰাৰ পাছতহে বাকিবোৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হব। উদ্যান আৰু মূকলী স্থান হৈছে অনিবৰ্য্য উপাদান। যিহেতু পানীযোগান প্ৰকল্প সমূহত জি.এম.ডি.এ., জল পৰিষদক অন্তৰ্ভুক্ত কৰা হৈছে গতিকে পানী যোগানৰ বাবে এছ.এল.আই.পি.ত কোনো প্ৰকল্প জমা কৰা হোৱা নাই।
এছ.এল.আই.পি. হৈছে পাম্পিং আৰু লিফটিং ষ্টেচন আৰু লগতে ৭৯০.৫০টকা প্ৰদানেৰে নতুনকৈ উন্নত কৰা তটৰেখা ক্ষেত্ৰসমূহৰ সংগ্ৰহ ব্যৱস্থা নেটৱাৰ্কৰ প্ৰসাৰৰ বাবে। উদ্যান আৰু মূকলী স্থানৰ অনিবাৰ্য্যতাৰ ভিত্তিত এছ.এল.আই.পি.ক প্ৰস্তাৱ কৰা হয়।
অসমত চাৰিখন পুনৰজীৱন আৰু চহৰীয়া ৰূপান্তৰণৰ কাৰণে অটল অভিযান চহৰ আছে। নিম্ন উল্লেখিত পৰিকল্পনাবোৰ গুৱাহাটীৰ বাবে:
| ক্ৰমিক নং | প্ৰকল্পৰ নাম | মূঠ প্ৰকল্প খৰচ (কোটি টকাৰ হিচাপত) |
|---|---|---|
| ১ | পল্টন বজাৰৰ মাছৰ বজাৰত নতুন সেউজ উদ্যান নিৰ্মাণ কৰা | ৫.৪৯ |
| ২ | মহাবীৰ উদ্যান, ফাচী বজাৰ | ৪.৩২ |
| ৩ | নলিনী বালা দেৱী উদ্যান, পল্টন বজাৰ | ১.৬ |
| ৪ | তৰুণ ৰাম ফুকন উদ্যান, মাচখোৱা | ৩.৮২ |
| ৫ | শংকৰদেৱ উদ্যান, ভৰলুমূখ | ৩.৭৭ |
| মূঠ | ১৯.০০ |