ৰাজহুৱা আৰু বাণিজ্যিক প্ৰতিষ্ঠান যেনে চিকিত্সকৰ ক্লিনিক, হোটেল, ৰেষ্টুৰেন্টচ, আৰু আন আন এনে বাণিজ্যিক প্ৰতিষ্ঠান সমূহত স্বচ্ছাতা সুনিশ্চিত কৰাৰ বাবেও গুৱাহাটী পৌৰ নিগম দায়বদ্ধ। ইয়াৰ বাবে গুৱাহাটীৰ ফাচী বজাৰস্থিত পৌৰ নিগমৰ অধীনষ্ঠ স্বাস্থ্য শাখাৰ সংশ্লিষ্ট স্বাস্থ্য পৰিদৰ্শক সকলে সমগ্ৰ ৩১টা ৱাৰ্ডতে নিয়মীয়া স্বস্থ্য পৰিদৰ্শন অব্যাহত ৰাখে।
নিম্নোল্লেখিত বিষয়সমূহৰ ভিত্তিত পৰিদৰ্শন কৰা হয়ঃ
উপৰত উল্লেখিত বিষয়সমূহৰ ভিত্তিত স্বাস্থ্য পৰিদৰ্শক সকলে পৰিদৰ্শন প্ৰতিবেদন প্ৰস্তুত কৰে। স্বস্থ্যজনিত কাৰণত বা বাণিজ্যিক অনুজ্ঞাপত্ৰ নোহোৱাকৈ যি ব্যৱসায় কৰি থকা দোষি সকলক নিয়ম অনুসৰি স্বস্থ্য পৰিদৰ্শক সকলে জাননী প্ৰেৰণ কৰে। জাননীবোৰ চাৰি প্ৰকাৰৰ-
১. সাত দিনিয়া
২. তিনি দিনিয়া
৩. ২৪ ঘণ্টিয়া
উপৰুক্ত এই তিনিখন জাননী প্ৰেৰণ কৰাৰ পাছতো যদি ব্যৱসায়িক সকলে স্বাস্থ্যজনিত পৰিবেশ উন্নতকৰণৰ কোনো ব্যৱস্থা নকৰে তেনেহলে জি.এম.চি.ৰ আয়ুক্তই ৩৯০ধৰাৰা অধীনত ব্যৱসায়ীক প্ৰতিষ্ঠানটো বন্ধ কৰাৰ জাননী জাৰি কৰে।
মুকুল চমুৱা
পৰিদৰ্ষক, স্বস্থ্য শাখা
জি.এম.চি. বজাৰ
গুৱাহাটী-০১
ফোন নং- ৯৮৬৪৩২১৭৭৬