I am now accessing as a :

Government Of Assam Guwahati Development Department Guwahati Municipal Corporation

সৌৰ মহানগৰ- গুৱাহাটী

ভাৰত চৰকাৰৰ নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ দ্বাৰা ‘সৌৰ মহানগৰ’ৰ উন্নয়ন কাৰ্য্যসূচীটো ২০০৮ বৰ্ষত আৰম্ভ কৰা হয়, ৰাস্তাৰ মেপৰ প্ৰস্তুতি আু ৰূপান্তৰৰ কাৰণে মহানগৰসমূহক সৌৰ মহানগৰ ৰূপে উন্নত কৰিবলৈ পৌৰ নিগমৰ সমৰ্থনত নগৰীয়া এলেকাবোৰত পুনঃনবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰক প্ৰচাৰ কৰায়েই হৈছে ইয়াৰ লক্ষ্য । যাৰ অধীনত মুঠ ৬০ খন চহৰ/টাউনসমূহ ‘সৌৰ/সেউজ চহৰ’ হিচাপে বিকশিত কৰা হব।

কাৰ্য্যসূচীৰ উদ্দেশ্য হৈছে পাঁচ বছৰৰ অন্তত প্ৰথাগত শক্তিৰ আনুমানিক চাহিদা ১০ শতাংশলৈ কমি আহিছে, যি শক্তি দক্ষতা ব্যৱস্হায়নূহৰ সংমিশ্ৰ্ৰণ আৰু পুনঃনবীকৰণযোগ্যশক্তিৰ উত্সৰ পৰা সৰবৰাহ বৃদ্ধিৰ মাধ্যমে অৰ্জন কৰা সম্ভৱ। এই কাৰ্য্যসূচীৰ অধীনত, গুৱাহাটীক অসম শক্তি উন্নয়ন সংস্থাৰ দ্বাৰা গুৱাহাটী পৌৰ নিগমৰ মাধ্যমেৰে অসমৰ সৌৰ শক্তি চহৰ হিচাপে বিকশিত কৰিবৰ কাৰণে নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে ২০১০ বৰ্ষত ৪৫,৪৫,০০০.০০ টকা অনুমোদন কৰিছে। অনুমোদিত পৰিমাণে কাৰ্য্যকলাপৰ বিস্তাৰিত বিৱৰণ তলত উল্লেখ কৰা ধৰণৰঃ

  • এবছৰৰ ভিতৰত মুখ্য পৰিকল্পনা প্ৰস্তু কৰা- ৫,৪৫,০০০.০০ টকা
  • পাঁচ বছৰৰ ভিতৰত ৰূপায়নৰ দেখ ৰেখ- ১০ লাখ পৰ্যন্ত টকা
  • সৌৰ চেলৰ স্থাপনা আৰু পাঁচ বছৰৰ কাৰণে ইয়াৰ কাৰ্য্যকাৰীতা- ১০ লাখ পৰ্যন্ত টকা
  • পাঁচ বছৰৰ ভিতৰত অন্যান্য প্ৰচাৰ কাৰ্য্যসূচীসমূহ- ২০ লাখ পৰ্যন্ত টকা
    মুঠ- ৪৫,৪৫,০০০.০০ লাখ পৰ্যন্ত টকা

অসম শক্তি উন্নয়ন সংস্থা হৈছে সৌৰ চহৰ কাৰ্য্যসূচীৰ কাৰণে ৰাজ্যিক নোডাল সংস্থা। এই কাৰ্য্যসূচীৰ অধীনত গুৱাহাটী পৌৰ নিগমে মুখ্য পৰিকল্পনা প্ৰস্তুতিৰ কাৰণে মুঠ ৫,৪৫,০০০.০০টকাৰ ৫০ শতাংশ প্ৰথম কিস্তি হিচাপে ২,৭২,৫০০.০০ টকা লাভ কৰে।

গুৱাহাটী মহানগৰৰ মুখ্য পৰিকল্পনা ২০১২ বৰ্ষত নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰে আৰু এইটো অনুমোদিত হয় ২০১৪ বৰ্ষৰ জানুৱাৰী মাহত। মুখ্য পৰিকল্পনাৰ অনুমান অনুযায়ী পাঁচ বছৰত সৌৰ শক্তি পৰিকল্পনাৰ মুঠ বাজেট ব্যয় হব প্ৰায় ৯২৩.৮৬ কোটি টকা।

কাক যোগাযোগ কৰিব

অসম শক্তি উন্নয়ন সংস্থা
বিজ্ঞান ভৱন, আই.ডি.বি.আই. ভৱনৰ কাষত,
এ.বি.চি., জি.এছ.ৰোড, গুৱাহাটী- ৭৮১০০৫
ফোন নং- ০৩৬১-২৪৫০১৪৭, ২৪৫০৬৪৬
ফেক্স- ০৩৬১- ২৪৬৪৬১৭
ই-মেইল: assamrenewable@gmail.com
ৱেবছাইট: assamrenewable.org