ই-গভৰ্নেন্স হৈছে নিগমৰ প্ৰতিশ্ৰুতিসমূহ নাগৰিক কেন্দ্ৰিকলৈ ৰূপান্তৰ কৰাৰ কাৰণে এক সুযোগ, তথ্য আৰু স্বচ্ছ আৰু প্ৰতিক্ৰিয়াশীল গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহত উন্নত প্ৰৱেশৰ মাধ্যমেৰে ব্যয় কাৰ্য্যকৰী সেৱা প্ৰদান আৰু শাসন উন্নত কৰা। সেইকাৰণে ই-গভৰ্নেন্স এতিয়া প্ৰশাসনিক সংস্কাৰৰ এটি পৰীক্ষা নহয় বৰঞ্চ শাসন প্ৰক্ৰিয়াৰ স্থায়ী অংশ। ই-গভৰ্নেন্স প্ৰতিষ্ঠাৰ বিনিয়োগৰ তুলনাত চৰকাৰী সংস্থা আৰু নাগৰিক উভয়ৰ কাৰণে ইয়াৰ সুফল বহুত দূৰত।
ই-গভৰ্নেন্সৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ পদক্ষেপ তলত উল্লেখ কৰা ধৰণৰঃ
গুৱাহাটী পৌৰ নিগমৰ বিষয়ে সেৱা আৰু তথ্য সম্পৰ্কিত সংযোগৰ সৈতে ২০১৬ বৰ্ষত প্ৰথম দ্বি-ভাষিক ৱেবছাইটটো বিকশিত কৰা হয়। বৰ্তমান ইয়াক ই-প্ৰস্তুতি মাননিৰ্ধাৰিত ৱেবছাইট প্ৰকল্পৰ অধীনত দ্বিভাষিক ৱেবছাইটলৈ আপগ্ৰেড কৰা হৈছে যত কেৱল সকলো সেৱা সম্পৰ্কত সংযোগ থকাই নহয় ইয়াৰ লগতে গুৱাহাটী পৌৰ নিগমৰ সকলো শাখা/কাৰ্য্যদক্ষতাক সামৰি সম্পূৰ্ণ তথ্যও আছে।
গুৱাহাটী পৌৰ নিগমে চাৰি প্ৰকাৰৰ ব্যৱসায় অনুজ্ঞাপত্ৰ জাৰি কৰে সেইবোৰ হৈছে- সাধাৰণ ব্যৱসায় অনুজ্ঞাপত্ৰ, স্বাস্থ্য অনুজ্ঞাপত্ৰ, পশু অনুজ্ঞাপত্ৰ আৰু ধীৰ গতিৰ যানবাহনৰ অনুজ্ঞাপত্ৰ। আজিৰ তাৰিখলৈকে প্ৰায় ১.২০ লাখখন নতুন আৰু পুনঃনবীকৰণ উভয়কে সামৰি ব্যৱসায় অনুজ্ঞাপত্ৰ আছে। এইয়া ব্যৱহাৰকাৰী স্বীকৃতি পৰীক্ষা বা বেটা পৰীক্ষণৰ অধীন।
গুৱাহাটী পৌৰ নিগমে মাহে প্ৰায় ৬০০ খন জন্ম/মৃত্যুৰ প্ৰমাণপত্ৰ জাৰি কৰে। অনলাইন ব্যৱস্থাই নাগৰিকসকলক যথেষ্ট সকাহ দিছে আৰু একে সময়তে সত্যতা নিশ্চিত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। ব্যৱহাৰকাৰী স্বীকৃতি পৰীক্ষা বা বেটা পৰীক্ষণ চলি আছে।
মানৱ সম্পদ ব্যৱস্থাপনা ব্যৱস্থাই সম্পূৰ্ণ মানৱ সম্পদ কাৰ্য্যকলাপ প্ৰক্ৰিয়াক সঞ্চালিত কৰে। জনশক্তি পৰিকল্পনা, প্ৰশিক্ষণ, মূল্যায়ন আৰু কৰ্মদক্ষতা, পদ্দোন্নতি, সেৱা নিবৃত্তি, পঞ্জীয়ন, বেতন, ভৱিষ্য নিধি, ঋণ, ছুটি আবেদন আদিৰ কাৰণে মানৱ সম্পদ ব্যৱস্থাপনা ব্যৱস্থা ব্যৱহাৰ কৰা হয়। গুৱাহাটী পৌৰ নিগমত প্ৰায় ১৮০০ জন কৰ্মচাৰী আছে। এইটো এতিয়াও উন্নয়নৰ পৰ্য্যায়তে আছে।
এই মূহূৰ্তত চেচপুলৰ অনলাইন বুকিং ব্যৱস্থাৰ এটি প্ৰাথমিক ফৰ্ম আছে আৰু বুকিং সাধাৰণতে ফোনৰ জৰিয়তে ম্যানুৱেলি কৰা হয়। সম্পূৰ্ণৰূপে অনলাইন ব্যৱস্থাই সময়মতে অসুবিধামুক্ত অনলাইন বুকিঙৰ লগতে অনলাইন পৰিশোধৰ সুবিধা প্ৰদান কৰে। এইটো এতিয়া উন্নয়নৰ পৰ্য্যায়ত আছে।
এই ব্যৱস্থাই হোৰ্ডিং আবেদকৰ বিৱৰণ সংগ্ৰহ কৰিব পাৰে। ইয়াত হোৰ্ডিঙৰ বিষয়ে বিৱৰণ প্ৰাপ্ত কৰিবপৰা বৈশিষ্ট আছে। ইয়াৰ ক্ষেত্ৰসমূহ হলঃ আবেদনকাৰীৰ সম্পূৰ্ণ নাম, যোগাযোগৰ ঠিকনা, ই-মেইল নম্বৰ, হোৰ্ডিঙৰ আকাৰ(ক্ষেত্ৰ/বৰ্গ ফুট), হোৰ্ডিঙৰ প্ৰকাৰ( লাইট সংলগ্ন/ বিনা লাইট সংলগ্ন), প্ৰদৰ্শনৰ প্ৰকাৰ(একপক্ষীয়/উভয় পক্ষীয়), ভৱন/ভূমিৰ গৰাকীৰ নাম, লেণ্ডমাৰ্কৰ নাম, ৰাস্তাৰ নাম/ৰাস্তাৰ নম্বৰ, পট্টাৰ নং, ঘৰৰ নং, কমপ্লেক্সৰ নাম। বিকল্পৰ কাৰণে আবেদন নিম্নধৰণৰঃ
(ক) হোৰ্ডিং/ গ্লো চাইন/ পলিচি পইণ্ট/ ইউনিপুল(১ বছৰৰ বৈধতা)
(খ) যানবাহনৰ ওপৰত ৰাস্তাৰ প্ৰদৰ্শনী(৩ মাহৰ বৈধতা)
(গ) পদপথক বাদ দি পদপথৰ মুখামুখিকৈ গেট(এমাহৰ বৈধতা)
(ঘ) ৰাস্তাক আগুৰি গেট হোৰ্ডিং(৭ দিনৰ বৈধতা)
(ঙ) বিভাজন চমক চিহ্ন/ পোল ওভাৰ ব্ৰীজ/ কিয়স্ক হোৰ্ডিং/ ইউনিপোল/ ট্ৰাফিক সংকেত পইণ্ট
(চ) ৰাজনৈতিক দল/ সামাজিক কাম/ ধাৰ্মিক হোৰ্ডিং প্ৰদৰ্শন(ৰাস্তা আগুৰি গেট/ আদৰণি গেটৰ ক্ষেত্ৰত ৭ দিনৰ বৈধতা)
(ছ) বাণিজ্যিক উদ্দেশ্যে(ৰাস্তা ক্ৰচ গেট, ৭ দিন বৈধতা)
এই ব্যৱস্থাই পানীৰ সংযোগৰ কাৰণে আবেদন কৰাৰ এক মঞ্চ প্ৰদান কৰে। আবেদনকাৰীয়ে অনলাইন যোগে আবেদনৰ স্থিতি চাব পাৰে। ইয়াৰ লগতে, পানী সংযোগৰ অনুমতি পত্ৰও এই মঞ্চৰ জৰিয়তে ডাউনলোড কৰিব পাৰে।
এই ব্যৱস্থাই নামজাৰিৰ কাৰণে আবেদন কৰাৰ এক মঞ্চ প্ৰদান কৰে। আবেদনকাৰীয়ে অনলাইন যোগে আবেদনৰ স্থিতি চাব পাৰে। ইয়াৰ লগতে, অনুমতি পত্ৰও এই মঞ্চৰ জৰিয়তে ডাউনলোড কৰিব পাৰে।
এইটো হৈছে অনলাইন যোগে গুৱাহাটী পৌৰ নিগমৰ ফাইলৰ গতি বিধি নিৰীক্ষণ কৰাৰ কাৰণে ফাইল নিৰীক্ষণ ব্যৱস্থা। সম্প্ৰতি এই ব্যৱস্থাটো কনফিগাৰ কৰা হৈছে আৰু গুৱাহাটী পৌৰ নিগমৰ তলত উল্লেখিত বিভাগসমূহৰ কাৰণে উপলব্ধ কৰা হৈছেঃ গণনা শাখা, চি.ই.১ চি.ই.২, ডি.চি. অঞ্চল, ই.ই.১, ই.ই.২, ই.ই.৩, ই.ই.৪, ই.ই.৫, ই.ই.৬, ইলেক্ট্ৰিকেল, জাবৰ, হোৰ্ডিং, জে.চি.- মুখ্য কাৰ্য্যালয়, আইন, বিপণন, চিকিত্সা, নামজাৰি, কৰ্মীবৃন্দ, পানীৰ কাম। বৰ্তমান সংশ্লিষ্ট শাখাসমূহত ডাটা প্ৰবিষ্টি প্ৰক্ৰিয়া চলি আছে।
এই ব্যৱস্থাই কৰ নিৰ্দ্ধাৰণৰ কাৰণে এক মঞ্চ প্ৰদান কৰে। আবেদনকাৰীয়ে অনলাইন যোগে আবেদনৰ স্থিতি চাব পাৰে। ইয়াৰ লগতে, অনুমতি পত্ৰও এই মঞ্চৰ জৰিয়তে ডাউনলোড কৰিব পাৰে।