গুৱাহাটী মহানগৰ হৈছে অসমৰ ৰাজধানী চহৰ আৰু সমগ্ৰ উত্তৰ-পূবৰ প্ৰৱেশ দ্বাৰ। গ্ৰীষ্মৰ সময়ত চহৰখন প্ৰচুৰ বৰষুণ আৰু কৃত্ৰিম বানৰ দ্বাৰা প্ৰভাৱিত হয়। মেঘালয় আৰু পাশ্বৱৰ্তী পাহাৰীয়া অঞ্চলৰ পৰা অহা বৰষুণৰ পানীয়ে ৰাস্তা আৰু নলাবোৰৰ যথেষ্ট ক্ষতি সাধন কৰে। মহানগৰৰ কিছুমান এলেকাত বানপানী হয় আৰু এই ঠাইসমূহ ৩ ৰ পৰা ৪ দিনলৈ কৃত্ৰিম বানৰ কবলত থাকে আৰু যাৰফলত চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিৰ যথেষ্ট ক্ষতি সাধন হয়। বিশেষকৈ বৰ্ষা কালত গুৱাহাটী মহানগৰখনে সময়ে সময়ে হোৱা বানপানী জলপ্লাৱনৰ অভিজ্ঞতা লাভ কৰি থাকে আৰু বৰ্তমান ই এক ৰাজহুৱা অভিযোগ হৈ পৰিছে।
দ্ৰুত নগৰীকৰণৰ ফলত নগৰখনত বৃদ্ধি হোৱা আৱাস আৰু নিৰ্মাণ কাৰ্য্যৰ লগতে ভৱন, ৰাস্তা আৰু অন্য অস্থিৰ কঠিন ধৰাতলৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে অন্তৰ্দেশীয় আদ্ৰভূমিৰ সংখ্যা কমি আহিছে আৰু পানী নিষ্কাশন ব্যৱস্থাৰ গতি ৰোধৰ ফলত বানৰ সৃষ্টি হৈছে। ইয়াৰ পৰিণামস্বৰূপ অতিৰিক্ত বৰষুণৰ পানী শুকোৱা আৰু বহন কৰাৰ ভূমিৰ ক্ষমতা কমি আহিছে।
ইয়াৰ উপৰিও, জনসংখ্যাৰ বৃদ্ধিৰ ফলত মহানগৰখনত অপৰিকল্পিত বিস্তাৰে বনভূমিৰ সংকোচন, নিম্ন এলেকা, পাহাৰ আৰু সেমেকা ভূমিত গভীৰ আক্ৰমণ কৰিছে। জলভূমিসমূহেও মহানগৰখনৰ অতিৰিক্ত পানী ধৰি ৰাখিব নোৱাৰে। গুৱাহাটীৰ নগৰীয়া বানৰ পৰিদৃশ্যট বানৰ আগমন আৰু জলপ্লাৱনৰ প্ৰকাৰ যোৱা দশকতৈ ব্যাপকভাৱে নামজাৰি হোৱা পৰিলক্ষিত হৈছে। দ্ৰুত উন্নয়নশীল মহানগৰৰ পৰিবেশে নিৰ্বিচাৰে বিপুল সংখ্যক খালী ভূমি, প্ৰাকৃতিক নিষ্কাশন ব্যৱস্থা ইত্যাদিত নামজাৰি আনিছে। কিছমান ৰাস্তাত ৰাস্তাৰ কাষৰ নলাৰ ব্যৱস্থা নাই আৰু কিছুমানত অপৰ্য্যাপ্ত ঢাল আৰু পানী নিষ্কাশন বাহন আছে।
গুাহাটীত মহানগৰত কৃত্ৰিম বান কম কৰিবৰ কাৰণে সকলো সম্পৰ্কিত বিভাগ আৰু হিতাধাৰীসকলক লগত লৈ “বানপানী মুক্ত গুৱাহাটী মিছন” নামেৰে এক অভিযান আৰম্ভ কৰে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান উপশম কৰিবৰ কাৰণে প্ৰধানত চাৰিটা বিভাগ দায়ীঃ
গুৱাহাটী পৌৰ নিগম
- অংকিত ক্ৰছ অধ্যয়ন আৰু দীৰ্ঘ অধ্যয়ন সম্পন্ন আৰু বজাই ৰখাৰ কৰণে পাঁচটা প্ৰধান চেনেল যেনে ভৰলু, মৰা ভৰলু, বশিষ্ঠ, বাহিনী আৰু লখিমীজানক পলস মুক্ত কৰিব লাগিব।
- বিদ্যমান ফিডাৰ নলাৰ ৰক্ষণাবেক্ষণ যেনে ফিডাৰ নলাৰ অৱৰুদ্ধবোৰ পৰিষ্কাৰকৰণ, আৱৰ্জনা আঁতৰোৱা আৰু পলসমুক্ত আৰু নিৰ্গতকৰণ।
- প্ৰাথমিক/ প্ৰাকৃতিক নলাৰ চেনেলসমূহৰ পৰিণাম পৰ্যন্ত প্ৰবাহ সংযোগ নিশ্চিত কৰিবৰ কাৰণে নতুন নলা, পাশ্ব নলা আৰু কালভাৰ্ট নিৰ্মাণ।
- ভৱন উপ নিয়ম অনুসৰি নৱ নিৰ্মিত ভৱনসমূহত বৰষুণৰ পানীৰ কাঠামো নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বিনিয়ম আৰু প্ৰৱৰ্তন।
- নগৰীয় বান উপশমৰ কাৰণে ডি-শ্বিল্টিং যন্ত্ৰপাতিৰ অধিক্ৰয়।
- মহানগৰৰ সকলো নলাক খান্দি গভীৰ কৰা আৰু পলস নিষ্কাশন কৰা।
- পাম্পসমূহৰ ৰক্ষণাবেক্ষণ, বহুওৱা আৰু সঞ্চালন কৰা।
- নলা আৰু ৰাস্তাৰ নিৰ্মাণ আদি
- অটো-মাউণ্ট আৰু ট্ৰলি-মাউণ্ট ডিৱাটাৰিং পাম্পৰ অধিক্ৰয়
জল সম্পদ বিভাগ
- পানী দুৱাৰৰ ৰক্ষণাবেক্ষণ, নিৰ্মাণ আৰু পৰিচালনা, প্ৰাথমিক/ প্ৰাকৃতিক পানী নিষ্কাশন চেনেলৰ মিলনস্থলত পাম্প বহুওৱা।
- ডিৱাটাৰিং পাম্পৰ অধিক্ৰয়
গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ
- জলাশয়সমূহৰ পৰা পলস নিষ্কাষণ কৰাৰ লগতে নলা, পাম্প গৃহৰ নিৰ্মাণ আদি
- গুৱাহাটী মহানগৰ আৰু ইয়াৰ আশে-পাশে থকা জল প্ৰবাহসমূহৰ ধাৰণ ক্ষমতা বৃদ্ধি কৰা
- নগৰৰ পৰা বৰষুণৰ পানী ওলাই পঠোৱাৰ বিকল্প পদ্ধতিৰ নিৰ্মাণে প্ৰভাৱীভাৱে পানী প্ৰৱেশক কম কৰিছে
- গুৱাহাটী মহানগৰৰ ভিতৰত স্বয়ংক্ৰিয় জলবায়ু ষ্টেশ্বনৰ প্ৰতিষ্ঠা
- গুৱাহাটী মহানগৰৰ বান প্ৰবল এলেকাসমূহৰ পৰা পানী সৰবৰাহৰ কাৰণে ২০ টা অটো প্ৰাইমিং এম.এফ. পাম্পৰ অধিক্ৰয় আৰু স্থাপন
গড়কাপ্তানি বিভাগ
- ৰাস্তা, নলা আৰু ৰক্ষী বেৰ আদিৰ নিৰ্মাণ
- পলসৰ জাল আৰু জাবৰৰ স্ক্ৰীনৰ প্ৰৱন্ধন আৰু ৰক্ষণাবেক্ষণ
- ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছৰ লগত বৰষুণৰ পানী নিষ্কাশন নলাৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ
- বৰষুণৰ পানী নিষ্কাশন নেটৱৰ্কৰ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ
- ফীডাৰ নলাৰ ওপৰৰ পলস গাঁত আৰু আৱৰ্জনাৰ জালৰ ব্যৱস্থাপনা আৰু ৰক্ষণাবেক্ষণ