I am now accessing as a :

Government Of Assam Guwahati Development Department Guwahati Municipal Corporation

কঠিন বৰ্জ্য সংগ্ৰহ

প্ৰাথমিক সংগ্ৰহ

প্ৰাথমিক সংগ্ৰহ প্ৰতিটো ব্যক্তিগত গৃহ বা বাণিজ্যক প্ৰতিষ্ঠানৰ পৰা কঠিন বৰ্জ্য সংগ্ৰহ কৰাটোৱেই প্ৰাথমিক সংগ্ৰহৰ অন্তৰ্গত। গুৱাহাটী পৌৰ নিগম ৩১ ৱাৰ্ডত বিভক্ত হৈ আছে আৰু প্ৰতিটো ৱাৰ্ডতে একোটাকৈ বেচৰকাৰী সংগঠনক ইয়াৰ সংশ্লিষ্ট ৱাৰ্ডত প্ৰাথমিক সংগ্ৰহ আৰু পথ পৰিস্কাৰ কৰাৰ বাবে দায়িত্ব অৰ্পন কৰা হৈছে। বেচৰকাৰী সংগঠন সমূহে এই সংগ্ৰহিত জাৱৰ সমূহ ইয়াৰ ওচৰৰ অনুসংগিক সংগ্ৰহ বিন সমূহত জমা কৰে। ৱাৰ্ড বোৰৰ JTOs আৰু স্বচ্ছতা পৰ্য্যবেক্ষক সমূহে এই প্ৰাথমিক সংগ্ৰহৰ পৰ্য্যবেক্ষণ কৰে। নিগমে সময়ে সময়ে জাৰি কৰা উপোভোক্তা শুক্ল অধিসূচনা অনুসৰি এই বেচৰকাৰী সংগঠন সমূহ ব্যক্তিগত গৃহ বা বাণিজ্যিক প্ৰতিষ্ঠান সমূহৰ পৰা মাহেকীয়া উপভোক্তা শুক্ল সংগ্ৰহ কৰাৰ বাবেও দায়বদ্ধ। ব্যক্তিগত গৃহ বা এই বাণিজ্যক প্ৰতিষ্ঠান সমূহৰ পৰা জাৱৰ সংগ্ৰহ কৰিবলৈ বেচৰকাৰী সংগঠন সমূহে তিনি চকীয়া বাহন বা ঠেলা, হাইড্ৰলিক মাউণ্টেইন ট্ৰেইলাৰ অটো ট্ৰিপাৰ, আদিবোৰ ব্যৱহাৰ কৰে। গুৱাহাটী মহানগৰীয়ে প্ৰায় ৫৫০ টি.পি.ডি. (আনুমাণিক) কঠিন বৰ্জ্য সৃষ্টি কৰে।

সমগ্ৰ গুৱাহাটী মহানগৰীত গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত এই ৩১টা ৱাৰ্ডৰ সৈতে প্ৰবৃত্তবেচৰকাৰী সংগঠন সমূহৰ ৪৫০ গৰাকী কৰ্মচাৰী আছে যি ৪৮০খন তিনিচকীয়া বাহন আৰু ৬৪খন অটো ট্ৰিপাৰ পৰিচালনা কৰে।

উপভোক্তা শুক্লৰ বাবে ইয়াতে ক্লিক কৰকঃ Primary Collection Charges

বেচৰকাৰী সংগঠনৰ বাবে ইয়াতে ক্লিক কৰকঃ Primary Collection NGOs

অনুসংগিক সংগ্ৰহ

গুৱাহাটী পৌৰ নিগমে আধুনিক কম্পেক্টৰ, ট্ৰিপাৰৰ এক বহৰৰ জৰিয়তে অনুসংগিক সংগ্ৰহ আৰু পৰিবহন (চি. এণ্ড টি) নিয়ন্ত্ৰন কৰে। এই সমূহ কাৰ্য্য মাণ্ডলিক অভিযন্তা, জে.টি.ও. আৰু পৰ্য্যবেক্ষক সকলে ঠেলাৱালা আৰু জমাদাৰৰ এক বহৰৰ সহায়ত পৰ্য্যবেক্ষণ কৰে। চি. এণ্ড টি. আদিৰ বাবে ব্যৱহাৰ কৰিবলৈ আধুনিক বাহন যেনে কম্পেক্টৰ বাহন, ভ্ৰাম্যমান কম্পেক্টৰ, ট্ৰেস্নফাৰ ষ্টেচন ইত্যাদিও আছে। গুৱাহাটী মহানগৰীত বৰ্তমান কাৰ্য্যৰত দুটাকৈ ট্ৰেস্নফাৰ ষ্টেচন আছে। ইয়াৰে এটা গণেশগুৰীৰ নাৰ্চাৰীৰ সমীপত আৰ.জি.বি. পথত আৰু আনটো ভঙাগড়ৰ জি.এম.চি.এইচ.ৰ সমীপত অৱস্থিত। প্ৰতিদিনে আনুমাণিক ৮৫-৯০শতাংশ জাৱৰ বৰাগাঁৱলৈ স্থানান্তৰিত কৰা হয়।

অনুসংগিক সংগ্ৰহ আৰু পৰিবহনৰ বাবে প্ৰবৃত্ত কৰ্মকৰ্তাসকল

  • গড়কাপ্তানি খণ্ড-৬
  • মাণ্ডলিক অভিযন্তা-১৫
  • কনিষ্ঠ কাৰিকৰী বিষয়া-১২
  • পৰ্য্যবেক্ষক-৮১
  • ঠেলাৱালা-৪২২
  • পথ ঝাড়ুদাৰ-৩৩৯

অনুসংগিক সংগ্ৰহ আৰু পৰিবহনৰ বাবে প্ৰবৃত্ত বাহন সমূহ তলত উল্লেখ কৰা হল:

  • জাৱৰ কম্পেক্টৰ-২২খন
  • সংগ্ৰাহক বিন- ২০০টা
  • দাম্পাৰ- ভিন্ন ক্ষমতাপন্নৰ ২৬খন
  • এক্সভেটৰ ও লোডাৰ- ১২খন চলিত
  • মিনি লোডাৰ- ৬খন
  • ঠেলা- ২০০খন
JTO ৰ তালিকা পাবৰ বাবে, ইয়াত ক্লিক কৰক।
EE ৰ তালিকা পাবৰ বাবে, Supervisors, etc, ইয়াত ক্লিক কৰক।

কাক যোগাযোগ কৰিব

শ্ৰী মনজিত বুজৰবৰুৱা
কাৰ্য্যকৰী অভিযন্তা
ভাৰপ্ৰাপ্ত গেৰেজ শাখা, গুৱাহাটী পৌৰ নিগম
মৰাশালী, উলুবাৰীৰ উৰণীয়া সেতুৰ সমীপত, গুৱাহাটী-০৭
ফোন নং- +৯১ ৭০৮৬০৫৩৯৪৭
ইমেইলঃ manojit1965@gmail.com