I am now accessing as a :

Government Of Assam Guwahati Development Department Guwahati Municipal Corporation

স্বচ্ছ গুগুল ৰাজহুৱা শৌচাগাৰ স্থাননিৰ্ণায়ক

গুগুল শৌচাগাৰ স্থাননিৰ্ণায়ক হৈছে এনেকুৱা এক মঞ্চ যত স্মাৰ্টফোন বা ইণ্টাৰনেট ব্যৱহাৰ কৰি আশে-পাশে থকা ৰাজহুৱা শৌচাগাৰ বিচাৰ উলিয়াব পাৰি। ৰাজহুৱা শৌচাগাৰ বিচাৰি উলিওৱা এতিয়া এক অটি সহজ কাম। গুৱাহাটী পৌৰ নিগমৰ অধীনষ্ঠ অঞ্চলত আশে পাশে থকা শৌচাগাৰ বিচাৰি উলিওবলৈ কোনো ব্যক্তিয়ে “Swachh Public Toilet” বুলি গুগুল মেপত টাইপ কৰিলেই গুগুল মেপে সমীপতে থকা ৰাজহুৱা শৌচাগাৰ ইয়াৰ স্থৈান আৰু দিশৰ বিৱৰণী সৈতে প্ৰদৰ্শন কৰিব। ব্যৱহাৰকাৰীয়ে ‘গুগুল ব্যৱহাৰকাৰী মতামত’ৰ সুবিধা সংযোগ কৰি, যিটো option পেজতে উপলব্ধ, ৰাজহূৱা শৌচাগাৰটোৰ সম্পৰ্কে নিজৰ মতামতো প্ৰকাশ কৰিব পাৰে। ইয়াৰোপৰি ব্যৱহাৰকাৰীয়ে আন ব্যৱহাৰকাৰীৰ সুবিধাৰ্থে শৌচাগাৰটোৰ আলোকচিত্ৰও মেপত সংযোগ কৰিব পাৰে।

গুৱাহাটীৰ পৌৰ নিগমৰ বিভিন্ন স্থানত থকা সৰ্বমূঠ ১১৭টা ৰাজহুৱা শৌচাগাৰ মানচিত্ৰকৰণ কৰা হৈছে যি গুগুল মেপতো উপলব্ধ। গতিকে ব্যৱহাৰকাৰীয়ে অতিৰিক্ত কোনো এপ ডাউনলোদ নকৰাকৈয়ে স্মৰ্টফোন ব্যৱহাৰ কৰিয়েই এই শৌচাগাৰ সমূহ বিচাৰি উলিয়াব পাৰে কিয়নো এইবোৰ গুগুল মেপতে উপলব্ধ। ইয়াৰ জৰিয়তে গুৱাহাটী পৌৰ নিগমে শৌচাগাৰ বিচাৰি উলিওৱাটো নাগৰিকৰ বাবে সহজ কৰি তুলাৰ লগে লগে ই স্বচ্ছ ভাৰতৰ ক্ষেত্ৰত এক বিশেষ অৰিহনা যোগাব।