সমগ্ৰ গুৱাহাটী মহানগৰীকে সামৰি ইয়াৰ পথ-উপপত সমূহত ষ্ট্ৰীট লাইট স্থাপন কৰাৰ দায়িত্বও গুৱাহাটী পৌৰ নিগমৰ।
এই প্ৰকল্পৰ পৰিষৰ আছিল সাত বছৰৰ বাবে ব্যাপক আৰু তত্বাৱধানৰ দায়িত্বৰ সৈতে পৰ্য্যাপ্ত শক্তি-কাৰ্য্যক্ষম ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা। আবেদন সমূহ প্ৰক্ৰীয়াকৰণৰ বাবে নাগৰীকৰ পৰা মাত্ৰ ১০০টকাকৈ লোৱাৰ বাবে ধাৰ্য্য কৰা হৈছে আৰু লগতে তেওঁলোকৰ সংশ্লিষ্ট ষ্ট্ৰীট লাইটৰ বাবদ ব্যয় হোৱা শক্তিৰ আণুমানিক হিচাপ অনুসৰি মাহিলী ২৫-৩০ টকা খৰচ আবেদনকাৰী সকলে বহন কৰিব লাগিব। ধাৰ্য্য কৰা ধন অনুসৰি প্ৰথম পৰ্য্যয়ত ১০০০০ হাজাৰ ষ্ট্ৰীট লাইটহে স্থাপন কৰিব পৰা যাব। পূংখানুপংখ ভাবে আলোচনা কৰি গ্ৰহন কৰা সিদ্ধান্ত অনুসৰি চাহিদা ভিত্তিতহে এই ষ্ট্ৰীট লাইট বিতৰণ কৰা হব।
শ্ৰী মনজিত বুজৰবৰুৱা
কাৰ্য্যকৰী অভিযন্তা,
গুৱাহাটী পৌৰ নিগম
মৰাশালী, উলুবাৰীৰ উৰণীয়া সেতুৰ সমীপত, গুৱাহাটী-০৭
ফোন নং- +৯১ ৭০৮৬০৫৩৯৪৭
ইমেইলঃ manojit1965@gmail.com