I am now accessing as a :

Government Of Assam Guwahati Development Department Guwahati Municipal Corporation

জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন

মূল বিষয়:

  • জন্ম আৰু মৃত্যু পঞ্জীকৰণ আইন, ১৯৬৯ৰ ব্যৱস্থা অনুসৰি জন্ম আৰু মৃত্যুৰপঞ্জীকৰণ বাধ্যতামূলক।
  • ভাৰতত জন্ম আৰু মৃত্যু পঞ্জীকৰণ আইন, ১৯৬৯ৰ বিধি অনুসৰি সংশ্লিষ্ট ৰাজ্য/স্বায়ত্বশাসিত অঞ্চলৰ চৰকাৰৰ সৈতেপ্ৰত্যেক জন্ম/মৃত আৰু মৃত্যু সংঘটিত হোৱাৰ ২১দিনৰ ভিতৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক।
  • জন্ম/মৃত্যুৰ ২১দিনৰ পাছত ইয়াৰ পঞ্জীয়ন কৰাটো বিলম্ব পঞ্জীয়নৰ অন্তৰ্ভুক্ত হব।
  • জন্ম/মৃত্যুৰ এবছৰ পাছত পঞ্জীয়ন কৰিবলৈ হলে ক্ষেত্ৰীয় হাকিম সেইয়া হল এছ.ডি.এম. বা প্ৰথম শ্ৰেণীৰ হাকিম অথবা প্ৰেসিডেন্সি হাকিমৰ এক হুকুমৰ লগতে আৰু ১০টকা বিলম্ব জৰিমনা প্ৰদান কৰিব লাগিব।
  • দুই টকা বিলম্ব জৰিমণা প্ৰদান কৰি জন্ম আৰু মৃত্যুৰ ২১দিনৰ পৰা ৩০দিনৰ ভিতৰত পঞ্জীয়ন কৰিব পাৰিব।
  • পঞ্জিয়কৰ এক লিখিত অনুমতি আৰু ৫টকা বিলম্ব জৰিমণা প্ৰদানৰ জৰিয়তে জন্ম আৰু মৃ্ত্যুৰ পঞ্জীয়ন একমাহৰ পাছত কিন্তু এবছৰৰ ভিতৰত পঞ্জীয়ন কৰিব পাৰি।
  • মৌখিক ভাৱে বা লিখিত ভাবে জন্মৰ অভিলেখত শিশুৰ নাম এবছৰৰ ভিতৰত বিনামূল্যে অন্তৰ্ভুক্ত কৰিব পাৰি। এবছৰৰ পাছত কিন্তু ১৫বছৰৰ ভিতৰত (যেনে ডি.আৰ.বি.ডি. আইন ১৯৯৯ৰ ব্যৱস্থা অনুসৰি ১.১.২০০০) মাত্ৰ পাচঁ টকা বিলম্ব জৰিমণা বিহি নাম অন্তৰ্ভুক্ত কৰিব পাৰি।
  • জন্ম আৰু মৃত্যু সংঘটিত হোৱা স্থানতহে ইয়াৰ পঞ্জীয়ন সম্ভৱ।

অবলোকন

ভাৰতত ২১দিনৰ ভিতৰত জন্ম আৰু মৃত্য ইয়াৰ সংঘটিত হোৱা স্থানতে পঞ্জীয়ন কৰাটো বাধ্যতামূলক। পাছতো ইয়াৰ পঞ্জীয়ন কৰিব পাৰি কিন্তু এইক্ষেত্ৰত বিলম্ব জৰিমণা বিহাৰ কিছু ব্যৱস্থা আছে।

যোগ্যতাৰ মাপকাঠীঃ

যিজন ব্যক্তিক জন্মৰ পঞ্জীয়ন প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

  • যাৰ অবিভাৱক ভাৰতীয় হয়।
  • নাৰ্চিং হোম বা চিকিত্সালয়ৰ পৰা জন্মৰ প্ৰমাণ পত্ৰ জমা কৰাৰ পাছত।

প্ৰ-পত্ৰ সমূহ পূৰণ কৰাৰ নিৰ্দেশাৱলী:

  • জন্মৰ বাবেঃ তলত দিয়া প্ৰ-পত্ৰ নং-১ পূৰণ কৰক আৰু তলত উল্লেখ কৰা বিষয়াৰ ঠিকনাত জমা দিয়ক।
  • মৃত্যুৰ বাবেঃ তলত উল্লেখ কৰা প্ৰ-পত্ৰ খন পূৰণ কৰক আৰু তলত উল্লেখ কৰা বিষয়াৰ ঠিকনাত জমা দিয়ক।

প্ৰয়োজনীয় নথি সমূহ:

  • ২১দিনৰ ভিতৰত নাৰ্চিং হোম/ব্যক্তিগত চিকিত্সালয়ৰ প্ৰমাণপত্ৰৰ ৰূপত প্ৰ-পত্ৰ ১ত তথ্যা প্ৰদান কৰা, যদিহে জন্ম/মৃত্যু নাৰ্চিং হোম/ব্যক্তিগত চিকিত্সালয়ত সংঘটিত হৈছে।
  • নাৰ্চিং হোম বা ব্যক্তিগত চিকিত্সালয়ৰ উপৰিও আন উত্সৰ পৰা ২১ দিনৰ ভিতৰত পঞ্জিয়কক তথ্য প্ৰদান কৰা।

কেনেকৈ আবেদন কৰিব:

  • আবেদনকাৰীয়ে প্ৰয়োজনীয় প্ৰ-পত্ৰ সম্পুৰ্ণকৈ পূৰণ কৰি যিকোনো কৰ্মদিনত কাৰ্য্যালয়ৰ সময়ত তলত উল্লেখ কৰা বিষয়াক জমা দিব পাৰিব।
  • প্ৰয়োজনীয় সত্যাসত্য নিৰ্ণয়কৰণ প্ৰক্ৰীয়া ৭কৰ্মদিনৰ ভিতৰত কাৰ্য্যকৰি কৰা হব।
  • আবেদনকাৰীৰ আবেদন স্বীকাৰ কৰিব নে অস্বীকাৰ কৰিব এই বিষয়ে উপযুক্ত কতৃপক্ষৰ অনুমোদনৰ ভিত্তিত ১৫দিনৰ ভিতৰত আবেদনকাৰীক অৱগত কৰা হব।

সেৱাৰ প্ৰকাৰ:

ই এক অফলাইন সেৱা।

পূৰণ কৰিব লগীয়া প্ৰ-পত্ৰঃ

জন্ম পঞ্জীয়নৰ বাবে প্ৰ-পত্ৰ নং-১

মৃত্যু পঞ্জীয়নৰ বাবে আবেদন প্ৰ-পত্ৰ

কাক যোগাযোগ কৰিবঃ

জেষ্ঠ চিকিত্সা বিষয়া
গুৱাহাটী পৌৰ নিগম
৩য় মহলা, জি.এম.চি. বজাৰ
ফাচী বজাৰ
গুৱাহাটী - ৭৮১০০১
Assam