তালিকা:
- নামজাৰী হৈছে স্থানীয় পৌৰ নিকায়ৰ অভিলেখত শিৰোনামাৰ হস্তান্তৰ বা সলনি কৰা যেতিয়া কোনো সম্পত্তি হস্তান্তৰ বা বিক্ৰী কৰা হয়।
- জি.এম.চি.ত অনলাইন নামজাৰীৰ বাবেও আবেদন কৰিব পাৰি।
- নামজাৰীৰ আবেদনখন জি.এম.চি.ৰ সংশ্লিষ্ট মণ্ডলৰ উপায়ুক্তৰ জৰিয়তে আয়ুক্তলৈ এখন উকা কাগজতে লিখিও কৰিব পাৰি।
- জি.এম.চি.ৰ আয়ুক্তক আবেদন কৰাৰ পাছত জি.এম.চি.ৰ নামজাৰী শাখাত এশ টকা শুক্ল প্ৰদান কৰি আৰু লগতে নামজাৰীৰ কেচ নম্বৰ প্ৰদান কৰি নামজাৰীৰ নকল প্ৰতিলিপিও লাভ কৰিব পাৰি।
অৱলোকন
নামজাৰী হৈছে মালিকিস্বস্তৰ উপাধি স্থানান্তৰ বা সালসনীহে যেতিয়া কোনো সম্পত্তিৰ হস্তান্তৰ বা বেচা-কিনা হয়। নামজাৰীৰ জৰিয়তে, নতুন গৰাকীয়ে সম্পত্তি অধিকাৰৰ উপাধী লাভ কৰে যি চৰকাৰেও প্ৰকৃত গৰাকীক সম্পত্তি কৰ আৰোপ কৰিব পাৰে। জি.এম.চি.ত অতি সহজে অনলাইন নামজাৰী কৰিব পাৰি।
যোগ্যতাৰ মাপকাঠীঃ
কোনো ব্যক্তিয়ে জল সংযোগ লাভ কৰিবলৈ হলে তেওঁৰ থাকিবই লাগিব
- শেষ তাৰিখ পৰ্য্যন্ত কৰ প্ৰদানৰ ৰচিদ
- স্ব-বাসস্থানৰ বিতং তথ্য
প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশাৱলীঃ
সকলো নথি প্ৰ-পত্ৰ জমাকৰাৰ সময়ত প্ৰদান কৰিব লাগিব। যদি অনলাইন প্ৰ-পত্ৰ জমা কৰি থকা হৈছে তেনেহলে নথি সমূহ আগতীয়াকৈ স্কেন কৰি প্ৰস্তুত কৰি ৰাখিব লাগিব।
শুক্লঃ
প্ৰয়োজনীয় নথি (যি খনেই প্ৰযোজ্য হয়):
- শেষ তাৰিখলৈ সম্পত্তি কৰ প্ৰদান কৰাৰ ৰচিদ
- সংশ্লিষ্ট এন.জি.ও.ৰ পৰা জাৱৰ কঠিন বৰ্জ্য সম্পৰ্কে তথ্য
- সংশ্লিষ্ট নামজাৰী কৰিব খোজা ব্যক্তিৰ আনুসাংগিক নথি
কেনেকৈ আবেদন কৰিব:
- অনলাইন আবেদন কৰাৰ পূৰ্বে, নিশ্চিত কৰক যাতে প্ৰয়োজনীয় নথি সমূহ স্কেন কৰি থোৱা আছে।
- যদি হাতে হাতে জমা দিছে, বগা কাগজত জি.এম.চি.ৰ আয়ুক্তলৈ সংশ্লিষ্ট জি.এম.চি. মণ্ডলৰ উপায়ুক্তৰ জৰিয়তে আবেদন কৰিবও পাৰে।
সেৱাৰ প্ৰকাৰঃ
ই এক অনলাইন সেৱা। অনলাইন প্ৰ-পত্ৰ পূৰণৰ বাবে, ক্লিক কৰক.
হিতেশ ডেকা
ইউ.ডি.এ., নামজাৰী শাখা, জি.এম.চি.
ভূৱন পথ, উজান বজাৰ,
জি.এম.চি. কাৰ্য্যালয়, গুৱাহাটী- ৭৮১০০১
ফোন নং- +৯১ ৭৩৯৯৬২০৪১৭