মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

গৃহ নিৰ্মাণৰ বাবে আবেদন কৰক

তালিকাঃ

  • জি.এম.চি.ৰঅধীনষ্ঠ অঞ্চলৰ নাগৰিকে পকী ভৱন নিৰ্মাণৰ বাবে আপত্তি নথকাৰ প্ৰমাণপত্ৰৰ বাবে আবেদন কৰিব লাগিব।
  • আবেদন প্ৰক্ৰিয়াৰ উপাদান দুটাঃ বৰ্তমানৰ গৃহনিৰ্মানৰ অধিনিয়ম অনুসৰি পৰিকল্পনা অনুমতিখন গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধীকৰণে (জি.এম.ডি.এ.) প্ৰদান কৰে আৰু প্ৰস্তাৱটো জি.এম.চি.লৈ প্ৰেৰণ কৰা হয় যত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদান কৰা হয়।
  • প্ৰ-পত্ৰ সমূহ নথিসমূহৰ সৈতে জি.এম.ডি.এ.ক জমা দিব লাগে অথবা অনলাই গৃহ নিৰ্মান অনুমতি প্ৰদান ব্যৱস্থাৰ জৰিয়তে জমা কৰিব লাগে।
  • প্ৰক্ৰিয়াকৰণ মাননী-১ৰ সৈতে আবেদনৰ মাননী জি.এম.ডি.এ.ত জমা দিব লাগে।
  • প্ৰক্ৰিয়াকৰণ মাননী-২ জমা দি জি.এম.চি.ৰ পৰা গৃহ নিৰ্মাণৰ অনুমতি সংগ্ৰহ কৰিব লাগে।
  • সকলো উল্লেখ কৰা নথি জমা দিব লাগিব।

অৱলোকন

জি.এম.চি.ৰ অধীনষ্ঠ অঞ্চলৰ নাগৰিকে পকী ভৱন নিৰ্মাণৰ বাবে আপত্তি নথকাৰ প্ৰমাণপত্ৰৰ বাবে আবেদন কৰিব লাগিব। আবেদন প্ৰক্ৰিয়াৰ উপাদান দুটা:
১. বৰ্তমানৰ গৃহনিৰ্মানৰ অধিনিয়ম অনুসৰি পৰিকল্পনা অনুমতিখন গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধীকৰণে (জি.এম.ডি.এ.) প্ৰদান কৰে আৰু পাছত প্ৰস্তাৱটো জি.এম.চি.লৈ প্ৰেৰণ কৰা হয়।
২. জি.এম.চি.এ গৃহ নিৰ্মাণৰ অনুমতি প্ৰদান কৰে।

যোগ্যতাৰ মাপকাঠীঃ

আবেদনকাৰী এজন বাসিন্দা হব লাগিব আৰু প্ৰয়োজনীয় সকলো নথি বহন কৰিব লাগিব।

প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশাৱলীঃ

আবেদনকাৰীয়ে প্ৰ-পত্ৰৰ পূৰণৰ সময়ত সকলো নথি প্ৰদান কৰিব লাগিব। যদি অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিছে, তেনেহলে সকলো নথি আগতিয়াকৈ স্কেন কৰি প্ৰস্তুত কৰি লব লাগিব।

মাননীঃ

ক) বসবাসৰ বাবে
আৰ.চি.চি. প্ৰকাৰৰ (ভূমি মহল)- ১০টকা/প্ৰতি বৰ্গমিটাৰ
আৰ.চি.চি. প্ৰকাৰৰ (উপৰৰ মহল)- ১২টকা/প্ৰতি বৰ্গমিটাৰ

খ) আবাসীক স্থানৰ বাবে
ভূমি মহল- ২০টকা/প্ৰতি বৰ্গমিটাৰ
উপৰৰ মহল- ২৪টকা/প্ৰতি বৰ্গমিটাৰ

গ) বাণিজ্যিকৰ বাবে
ভূমি মহল- ৪০টকা/প্ৰতি বৰ্গমিটাৰ
উপৰৰ মহল- ৪৮টকা/প্ৰতি বৰ্গমিটাৰ

ঘ) উদ্যোগৰ বাবে
ভূমি মহল- ৮০টকা/প্ৰতি বৰ্গমিটাৰ
উপৰৰ মহল- ৯৬টকা/প্ৰতি বৰ্গমিটাৰ

বিতং তথ্যৰ বাবে, অনুগ্ৰহ কৰি সুচী-১ৰ বিষয়ে জনাওকগুৱাহাটী গৃহ নিৰ্মাণ (নিয়ন্ত্ৰক) অধিনিয়ম ২০১৪.

প্ৰয়োজনীয় নথি:

  • দাগনম্বৰ, পটা নম্বৰ, ৰাজহ গাঁও, মৌজা আৰু সংশ্লিষ্ট জিলাৰ চহৰ আদি সকলো উল্লেখ কৰি প্ৰস্তাবিত গৃহ নিৰ্মাণৰ স্থানৰ ট্ৰেচ মেপ।
  • প্ৰাকৃতিক জান-জুৰি, নৰ্দমা, পথ আৰু কোনো বিশেষ স্থান উল্লেখ কৰি সমগ্ৰ অঞ্চলৰ এক মূল পৰিকল্পনা প্ৰস্তুত কৰা।
  • অতিকমেও ১:২০০ স্কেল জোখত এখন নিৰ্মাণ স্থানৰ পৰিকল্পনা আকি কৰা।
  • মিটাৰৰ মাত্ৰাত কমেও ১:১০০ স্কেল জোখত এখন শুদ্ধ গৃহ নিৰ্মাণৰ পৰিকল্পনা আকি উলিওৱা।
  • প্ৰ-পত্ৰ ১১, প্ৰ-পত্ৰ ২৪ and প্ৰ-পত্ৰ ২৫ ত নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰিবলগীয়া সামগ্ৰীৰ প্ৰকাৰ আৰু মাণদণ্ডৰ উল্লেখ কৰিপ্ৰস্তাৱত এফ.এ.আৰ.ৰ সুক্ষ্ম জোখমাখৰ সৈতে প্ৰস্তাবিত নিৰ্মাণৰ এক সাধাৰণ নিৰ্দিষ্টকৃত বিৱৰণী তৈয়াৰ কৰা যত সংশ্লিষ্ট পঞ্জিকৃত কাৰিকৰী বিষয়াই (আৰ.টি.পি.) হস্তাক্ষৰ কৰাৰ লগতে আবেদনকাৰীয়েও হস্তাক্ষৰ কৰিব।
  • ২০০৮চনৰ ১২চেপ্তেম্বৰ তাৰিখৰ পাছত নিজৰ সম্পত্তিৰ মূল্যাংকণ/পুণমূল্যাংকণ হৈছে বুলি স্ব-স্পষ্টিকৰণ।
  • প্ৰ-পত্ৰ ৮, প্ৰ-পত্ৰ ৯ আৰু প্ৰ-পত্ৰ ১০ ১০ত গুৱাহাটী গৃহ নিৰ্মাণ (নিয়ন্ত্ৰন) অধিনিয়ম ২০১৪ৰ এখন পৰ্য্যবেক্ষণৰ প্ৰমাণ পত্ৰ।
  • জি+৩ বা তাৰো উৰ্ধত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত গুৱাহাটী গৃহ নিৰ্মাণ (নিয়ন্ত্ৰন) অধিনিয়ম ২০১৪ৰ প্ৰ-পত্ৰ ৭ ত লিখিত ৰূপত সংৰচনা অভিযন্তাৰ পৰা বিপদসংকুলতাৰ পৰা সুৰক্ষা লাভ নিশ্চয়তাৰ প্ৰমাণপত্ৰ লাভ কৰা।
  • পথ প্ৰসাৰৰ প্ৰয়জন হলে বিনাদ্বিধাই বিনামূল্যে ত্যাগ কৰা বা সমৰ্পন কৰাৰ এক প্ৰতিশ্ৰুতিত (গুৱাহাটী গৃহ নিৰ্মাণ (নিয়ন্ত্ৰন) অধিনিয়ম ২০১৪ৰ এপেন্দিক্স ৫)ভূমিৰ গৰাকী বা ভূমিৰ আইনি অধিকাৰ থকা ব্যক্তি বা ভূমি বিকাশক বা নিৰ্মানকাৰী বা আবেদনকাৰীয়ে হস্তাক্ষকৰ কৰিব লাগিব এই অনুসৰি হস্তাক্ষৰ কৰা ব্যক্তি গৰাকীয়ে যদি কোনো নিয়ম-অধিনিয়ম ভংগ কৰে তেনেহলে কতৃপক্ষই গুৱাহাটী পৌৰ নিগম আইন ১৯৭১/গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ আইন, ১৯৮৫ৰ অধিনত তেওঁৰ বিৰুদ্ধে আইনি ব্যৱস্থা গ্ৰহন কৰিব। এই অধিনিয়ম অনুসৰি যত বিনামূল্যে ভূমি সমৰ্পন কৰা হয়, যিদৰে উপৰত উল্লেখ কৰা হৈছে, ই সম্পূৰ্ণ এফ.এ.আৰ.ক সিমান প্ৰভাৱিত নকৰিব গোটেই ভূমিৰ গৰাকী হিচাপে যিমান খিনি আবেদনকাৰীৰ প্ৰাপ্য।.
  • আবেদন প্ৰ-পত্ৰৰ সৈতে নিম্ন উল্লেখিত খিনি প্ৰকাশ কৰি এক শপতনামাঃ ১. ভূমি সংক্ৰান্তীয় সকলো নথি, ২. ভূমিৰ মালিকিস্বত্ব, ৩. যে তেওঁলোকে অনুমোদিত পৰিকল্পনা অনুসৰি ভৱন নিৰ্মান কৰিব, ৪. তেওঁলোকে বিদ্যুতৰ সংযোগ লাভ কৰাৰ পূৰ্বে ভৱন নিৰ্মাণ সমাপ্ত হোৱাৰ প্ৰমাণ পত্ৰ লাভ কৰিব লাগিব, ৫. আবেদনকাৰীয়ে অধিগ্ৰহনৰ প্ৰমাণপত্ৰ লাভ নকৰালৈ ভৱন অধিগ্ৰহন কৰিব নোৱাৰিব, ৬. তেওঁলোকে কতৃপক্ষ্যৰ অজ্ঞাতে নিৰ্মাণকাৰ্য্য অব্যাহত থকা সময়ত আৰ.টি.পি.ক সলনি কৰিব নোৱাৰিব, আৰু যদি সাল সলনি ঘটে তেনেহলে আবেদনকাৰী/আৰ.টি.পি.য়ে সকলো প্ৰক্ৰিয়া আৰম্ভণিৰে পৰা কৰিব লাগিব যিবোৰ আগৰ আৰ.টি.পি.এ কৰিছিল।
  • আগৰে পৰাই থকা ভৱনৰ ক্ষেত্ৰত, যদিহে আছে, শেষ তাৰিখ পৰ্য্যন্ত কৰ প্ৰদানৰ ৰচিদ জমা দিব লাগিব।
  • বাসস্থানৰ ভূমি বিক্ৰী কৰাৰ ক্ষেত্ৰতই.ডব্লিও.এছ.ৰ বাবে অটি কমেও ৯০বৰ্গ মিটাৰৰ পৰা ১২০বৰ্গ মিটাৰভূমিৰ সৈতে ১.৫হেক্টৰ বা তাতোকৈ অধিক সকলো বাসস্থান বিন্যাস পৰিকল্পনাত, ই.ডব্লিও.এছ. শ্ৰেণীৰ বাবে পৰিকল্পিত ক্ষেত্ৰৰ কমেও ১০শতাংশ নিৰ্দিষ্ট/সংৰক্ষিত কৰা, যত যেনেকৈ প্ৰয়োজন হয়।
  • মালিক/ভূমি বিকাশকক এই একক সমূহ এল.আই.জি.ৰ পৰিৱৰ্তে কেৱল ৰম্যস্থান একক নিৰ্মাণৰ পথ মূকলি ৰাখি এই একক সমূহ ভিন্ন ভিন্ন খণ্ডত নিৰ্মাণ কৰাৰ সম্পূৰ্ণ স্বাধীনতা বহন কৰে।
  • যদিহে এই আবাসিক স্থান সমূহ ব্যক্তিগত নিৰ্মাণকাৰীয়ে নিৰ্মাণ কৰে আৰু এইবোৰ ই.ডব্লিও.এছ/এল.আই.জি.ৰ বাবে ৰেহাই দৰত উপলব্ধ কৰাই, তেনেহলে নিৰ্মাণকাৰী সকলে ইতিমধ্যে প্ৰযোজিত এফ.এ.আৰ.ৰ উপৰিও অতিৰিক্ত ১০শতাংশৰ পৰা ২৫শতাংশ এফ.এ.আৰ.ৰ অধিকাৰৰ হৈ পৰি ই.ডব্লিও.এছ/এল.আই.জি.ৰ বাবে আবন্টিত ভূমিৰ উপৰত ভিত্তি কৰি সেই পৰিসীমাৰ ভিতৰতে আনুসাংগীক ভূমি ব্যৱহাৰৰ বাবে অধিকাৰী হৈ পৰিব।

সকলো নথি আৰু মানচিত্ৰ সমূহত ক্ৰমান্বয়ে মালিক আৰু পৰিকল্পনা তৈয়াৰ কৰি থকা গৰাকীয়ে হস্তাক্ষৰ কৰিব- এজন পঞ্জিভুত স্থপতিবিদ বা পঞ্জিকৃত স্নাতক অসামৰীক অভিযন্তা যি গুৱাহাটী পৌৰ নিগম, জি.এম.ডি.এ. বা স্থপতিবিদ পৰিষদৰ অধিনত পঞ্জিকৰণ কৰিব গুৱাহাটী গৃহ নিৰ্মাণ (নিয়ন্ত্ৰন) অধিনিয়ম ২০১৪ৰ এপেন্দিক্স ২ত উল্লেখ থকাৰ দৰে বিশেষভাবে নিৰ্দিষ্টকৰণ নকৰালৈ।

কেনেকৈ আবেদন কৰিবঃ

জি.এম.ডি.এ.ৰ পঞ্জিকৃত কাৰিকৰী বিষয়াৰ দ্বাৰা কাউণ্টাৰ কেৰাণীলৈ আবেদনকাৰীয়ে অনলাইন প্ৰ-পত্ৰ জমা কৰিব। উপৰৰ তালিকাত উল্লেখ কৰা সকলো নথি সমূহ চফ্ট কপি হিচাপে আবেদনকাৰীয়ে পূৰ কৰিব।

  • আবেদনৰ প্ৰ-পত্ৰৰ প্ৰথম খণ্ডৰ পৰিকল্পনা অনুমতি জি.এম.ডি.এ.ৰ নগৰ পৰিকল্পনাকাৰীৰ পৰামৰ্শৰ ভিত্তিত ইয়াৰ মূখ্য কাৰ্য্যবাহী বিষয়াই মঞ্জুৰ কৰিব।
  • জি.এম.ডি.এ.ৰ অনলাইন মঞ্জুৰি লাভ কৰাৰ পাছত, আবেদনকাৰীয়ে পৰিকল্পনাৰ চাৰিটা প্ৰতিলিপি হাৰ্ড কপি হিচাপে জি.এম.ডি.এ.ক জমা দিব। এই প্ৰস্তাৱৰ নথি সমূহৰ গতি আবেদনকাৰীয়ে গৃহনিৰ্মাণ অনুমতিৰ অনলাইন ব্যৱস্থাৰ জৰিয়তে নিৰিক্ষণ কৰিব পাৰিব।
  • জি.এম.চি. ক্ষেত্ৰৰ অধিনত পৰা কোনো ভৱন, ২য় খণ্ড অনুযায়ী গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ বাবে জি.এম.ডি.এ.য়ে আবেদনকাৰীক অৱগত কৰি মানচিত্ৰৰ তিনিটা প্ৰতিলিপি জি.এম.চি.লৈ প্ৰেৰণ কৰে।
  • আবেদন প্ৰ-পত্ৰৰ ২য় খণ্ডৰ অধিনত জি.এম.চি.এ ইয়াৰ সহযোগী পৰিকল্পনাকাৰীৰ পৰামৰ্শৰ ভিত্তিত মঞ্জুৰী প্ৰদান কৰে।

সেৱাৰ প্ৰকাৰঃ

ই এক অনলাইন সেৱা। অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিবলৈ ইয়াতে, ক্লিক কৰক।.

টাইমলাইন

ভৱন নিৰ্মানৰ অনুমতি প্ৰদান কৰিবলৈ এই আপত্তি নথকাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে প্ৰয়োজন হয় ৪৫দিনৰ। এই সয়ম সীমা বৃদ্ধিও পাব পাৰে যদিহে কোনো অভিযোগ উত্থাপিত হয়।

পূৰণ কৰিব লগীয়া প্ৰ-পত্ৰ সমূহঃ

১. ভৱন নিৰ্মাণৰ উদ্দেশ্যৰে ভূমি বিন্যাস তৈয়াৰ কৰিবলৈ পৰিকল্পনা অনুমোদনৰ বাবে আবেদন প্ৰ-পত্ৰ

২. আবেদনৰ প্ৰ-পত্ৰ ভূমি উপমাণ্ডলিক স্থানান্তৰ

৩. পৰিকল্পনা আৰু ভৱন নিৰ্মাণ অনুমতিৰ বাবে প্ৰয়োজনীয় নথিৰ তালিকা

৪. ভুমী বিক্ৰী স্থানান্তৰ উপ মণ্ডলিক অনুমতি

৫. প্ৰ-পত্ৰ ৪ নবীকৰণযুক্ত যোগ্য কাৰিকৰী বষয়া নিয়োগ (ব্যক্তিগত)

৬. প্ৰ –পত্ৰ ৫ নবীকৰণযুক্ত যোগ্য কাৰিকৰী বষয়া নিয়োগ (দলীয়)

৭. প্ৰ-পত্ৰ ৬ বিপদসংকুলতাৰ বিপৰিতে সুৰক্ষাজাত প্ৰয়োজনীয়তা পূৰণৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণপত্ৰ

৮. প্ৰ-পত্ৰ ৭ লিখিত ৰূপত স্থপতিবিদ আৰু অভিযন্তাৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণপত্ৰ।

৯. প্ৰ-পত্ৰ ৮ সংৰচনা অভিযন্তাৰ লিখিত ৰূপত প্ৰতিশ্ৰুতিৰ প্ৰমাণপত্ৰ।

১০. প্ৰ-পত্ৰ ৯ নিৰ্মাণকাৰী অভিযন্তাৰ লিখিত ৰূপত প্ৰতিশ্ৰুতিৰ প্ৰমাণপত্ৰ

১১. প্ৰ-পত্ৰ ১০ উন্নয়নৰ অনুমতি

১২. প্ৰ-পত্ৰ ১১ সংৰচনা আৰ্হি ভিত্তিত প্ৰতিবেদন

১৩. প্ৰ-পত্ৰ ১২ অগ্ৰগতিৰ প্ৰমাণপত্ৰ

১৪. প্ৰ-পত্ৰ ১৩ প্ৰথম মহালাৰ অগ্ৰগতিৰ প্ৰমাণপত্ৰ

১৫. প্ৰ-পত্ৰ ১৪ ততোধিক উপৰৰ মহল নিৰ্মাণৰ ক্ষেত্ৰত মধ্য মহলৰ অগ্ৰগতিৰ প্ৰমাণপত্ৰ

১৬. প্ৰ-পত্ৰ ১৫ অন্তিম মহল অগ্ৰগতিৰ প্ৰমাণপত্ৰ

১৭. প্ৰ-পত্ৰ ১৬ সমাপ্তিৰ প্ৰতিবেদন

১৮. প্ৰ-পত্ৰ ১৭ লিখিত ৰূপত স্থপতিবিদৰ ভৱন নিৰ্মাণ সমাপ্ত হোৱাৰ প্ৰমাণপত্ৰ

১৯. প্ৰ-পত্ৰ ১৮ লিখিত ৰূপত নিৰ্মান অভিযন্তাৰ ভৱন নিৰ্মাণ সমাপ্ত হোৱাৰ প্ৰমাণপত্ৰ

২০. প্ৰ-পত্ৰ ১৯ লিখিত ৰূপত সংৰচনা অভিযন্তাৰ ভৱন নিৰ্মাণ সমাপ্ত হোৱাৰ প্ৰমাণপত্ৰ

২১. প্ৰ-পত্ৰ ২০ কাৰিকৰী গাণিতিক প্ৰতিবেদনৰ বাবে মডেল প্ৰফ্ৰমা

২২. প্ৰ-পত্ৰ ২২ সংৰচনাত্মক পৰিদৰ্শন প্ৰতিবেদন

প্ৰ-পত্ৰ ২১ ক্ষেত্ৰীয় বিবৃতি

২৪. প্ৰ-পত্ৰ ২৩ এনেক্সাৰ এ-১

২৫. প্ৰ-পত্ৰ ২৪ এনেক্সাৰ এ-২

২৬. প্ৰ-পত্ৰ ২৫ কতৃপক্ষৰ পত্ৰিকা

২৭. প্ৰ-পত্ৰ ২৬ শপতনামা ও প্ৰতিশ্ৰুতিপত্ৰ

২৮. প্ৰ-পত্ৰ ২৭ অংকিত কৰা মানচিত্ৰ অনুযায়ী ভৱন নিৰ্মাণৰ বিতং প্ৰতিবেদন

কাক যোগাযোগ কৰিবঃ

দীপক বেজবৰুৱা
সহকাৰী পৰিকল্পনাকাৰী
পৰিকল্পনা শাখা, জি.এম.চি.
প্ৰথম মহলা, উজান বজাৰ, জি.এম.চি.কাৰ্য্যালয়
ফোন নং- ৯৪৩৫০৩১৮৯৫
ইমেইলঃ dbezit@gmail.com

শান্তনু শইকীয়া
সহকাৰী পৰিকল্পনাকাৰী
পৰিকল্পনা শাখা, জি.এম.চি.
প্ৰথম মহলা, উজান বজাৰ, জি.এম.চি.কাৰ্য্যালয়
ফোন নং- ৯১২৭০৫৭৮১৬
ইমেইলঃ santanudas.apgmc@gmail.com