মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

স্বাস্থ্য পৰিদৰ্শন

  • ৰাজহুৱা আৰু বাণিজ্যিক প্ৰতিষ্ঠান যেনে চিকিত্সকৰ ক্লিনিক, হোটেল, ৰেষ্টুৰেন্টচ, আৰু আন আন এনে বাণিজ্যিক প্ৰতিষ্ঠান সমূহত স্বচ্ছাতা সুনিশ্চিত কৰাৰ বাবেও গুৱাহাটী পৌৰ নিগম দায়বদ্ধ। ইয়াৰ বাবে গুৱাহাটীৰ ফাচী বজাৰস্থিত পৌৰ নিগমৰ অধীনষ্ঠ স্বাস্থ্য শাখাৰ সংশ্লিষ্ট স্বাস্থ্য পৰিদৰ্শক সকলে সমগ্ৰ ৩১টা ৱাৰ্ডতে নিয়মীয়া স্বস্থ্য পৰিদৰ্শন অব্যাহত ৰাখে।

    নিম্নোল্লেখিত বিষয়সমূহৰ ভিত্তিত পৰিদৰ্শন কৰা হয়ঃ

    1. উপলব্ধ ধাৱমান পানীৰ ব্যৱস্থা
    2. পৰিশোধিত খোৱা পানীৰ ব্যৱহাৰ
    3. হোটেলৰ কোঠাৰ পৰিছন্নতা
    4. অগ্নিনিৰ্বাপক সেৱাৰ তৰফৰ পৰা এন.ও.চি
    5. সঠিক নৰ্দমাৰ ব্যৱস্থা
    6. নিত্য বৰ্জ্য পেলাবৰ বাবে পাত্ৰৰ ব্যৱহাৰ
    7. ওৱাচ বেচিনৰ বাবে পৰ্য্যাপ্ত ঠাইৰ ব্যৱহাৰ
    8. পাকঘৰৰ বাবে পৰ্য্যাপ্ত ঠাইৰ উপলব্ধতা
    9. গৰম পানীৰ ব্যৱহাৰ
    10. প্ৰদুষণ নিয়ন্ত্ৰন পৰিষদৰ পৰা এন.ও.চি.
    11. সমীপতে জাৱৰ নিষ্কাষন ব্যৱস্থাৰ উপলব্ধতা
    12. শ্ৰমিক সকলৰ সাধাৰণ স্বাস্থ্য পৰিস্থিতি
    13. সংশ্লিষ্ট এন.জি.ও.ক নিতৌ জাৱৰ হস্তান্তৰ কৰা

    উপৰত উল্লেখিত বিষয়সমূহৰ ভিত্তিত স্বাস্থ্য পৰিদৰ্শক সকলে পৰিদৰ্শন প্ৰতিবেদন প্ৰস্তুত কৰে। স্বস্থ্যজনিত কাৰণত বা বাণিজ্যিক অনুজ্ঞাপত্ৰ নোহোৱাকৈ যি ব্যৱসায় কৰি থকা দোষি সকলক নিয়ম অনুসৰি স্বস্থ্য পৰিদৰ্শক সকলে জাননী প্ৰেৰণ কৰে। জাননীবোৰ চাৰি প্ৰকাৰৰ-

    ১. সাত দিনিয়া
    ২. তিনি দিনিয়া
    ৩. ২৪ ঘণ্টিয়া

    উপৰুক্ত এই তিনিখন জাননী প্ৰেৰণ কৰাৰ পাছতো যদি ব্যৱসায়িক সকলে স্বাস্থ্যজনিত পৰিবেশ উন্নতকৰণৰ কোনো ব্যৱস্থা নকৰে তেনেহলে জি.এম.চি.ৰ আয়ুক্তই ৩৯০ধৰাৰা অধীনত ব্যৱসায়ীক প্ৰতিষ্ঠানটো বন্ধ কৰাৰ জাননী জাৰি কৰে।

    কাক যোগাযোগ কৰিব

    মুকুল চমুৱা
    পৰিদৰ্ষক, স্বস্থ্য শাখা
    জি.এম.চি. বজাৰ
    গুৱাহাটী-০১
    ফোন নং- ৯৮৬৪৩২১৭৭৬