মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

আমাৰ লক্ষ্য আৰু অভিযান

  • গুৱাহাটী শাসন, উন্নয়ন আৰু প্ৰবন্ধনৰ কৰিবৰ বাবে গুৱাহাটী পৌৰ নিগম হৈছে দায়বদ্ধ স্থানীয় নিকায়। গুৱাহাটী মহানগৰীৰ ২১৬.৭৯বৰ্গ কিলোমিটাৰ অঞ্চল ই শাসন কৰে। সমগ্ৰ গোৱাহাটী পৌৰ নিগম ৩১ৱাৰ্ডত বিভক্ত আৰু ইয়াৰে প্ৰতিটো ৱাৰ্ড আকৌ ২,৩ আৰু ৪টাকৈ পৌৰ সভাত বিভক্ত। বৰ্তমান, ইয়াত ৯০খন সভা আছে। গুৱুহাটী পৌৰ নিগম গুৱাহাটী উন্নয়ন মন্তনালয়ৰ অন্তৰ্গত।

    আমাৰ লক্ষ্য

    গুৱাহাটী পৌৰ নিগমে বহুকেইটা শাখা/বিভাগৰ জৰিয়তে শাসন কৰে যিবোৰ গুৱাহাটীৰ বিভিন্ন ঠাইত খিচৰিত হৈ আছে। গুৱাহাটী পৌৰ নিগমে প্ৰদান কৰা পৌৰ সেৱা সমূহ হৈছে-

    • সম্পত্তি মূল্যাংকণ/পুণঃমূল্যাংকণ/নামজাৰী
    • ৰাস্তা/নৰ্দমাৰ উন্নয়ন আৰু তত্বাবধান
    • বাণিজ্যিক অনুজ্ঞাপত্ৰ প্ৰদান আৰু নবীকৰণ কৰা
    • পৌৰ বজাৰ সমূহৰ উন্নয়ন আৰু তত্বাবধান কৰা
    • ৰাজহূৱা শৌচাগাৰ/ই-শৌচাগাৰ নিৰ্মাণ আৰু তত্বাবধান
    • গৃহ নিৰ্মাণৰ অনুমতি
    • যান-বাহন ৰখা ঠাইৰ উন্নয়ন আৰু আবন্টন
    • উদ্যান আৰু পুখুৰীৰ উন্নয়ন আৰু তত্বাবধান
    • বেনাৰ আৰু বিজ্ঞাপন
    • জন্ম/মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা
    • ষ্ট্ৰীট লাইত স্থাপন আৰু তত্ববধান
    • চূৱাপাতনি চাফা কৰা
    • মৰিশালী নিৰ্মাণ আৰু তত্ববধান
    • ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি, প্ৰকল্প আৰু কাৰ্য্যক্ৰম ৰূপায়ন কৰা।
    • মিটাৰ/মিটাৰ বিহিন পানী যোগান সংযোগ আদি প্ৰদান কৰা
    • সম্পত্তি কৰ আৰু বাণিজ্যিক অনুজ্ঞাপত্ৰৰ বাবে, পৌৰ ক্ষেত্ৰ ছয়টা ৰাজহ মণ্ডলত বিভক্ত কৰা আছে।

    সৰংক্ষণ আৰু ৰাজহুৱা নিৰ্মাণৰ বাবে, পৌৰ ক্ষেত্ৰক ছটা অভিযান্ত্ৰীক মণ্ডলত বিভক্ত কৰা আছে। ইয়াৰ অধিনত প্ৰায় দুই লাখ মল্যাংকণ কৰা গৃহ আছে আৰু বিভিন্ন ব্যক্তিগত গৃহৰ লগতে বাণিজ্যক প্ৰতিস্থানক সংযোগ কৰি প্ৰায় ৩০,০০০পানীৰ যোগানৰ সংযোগ আছে।