গৃহ নিৰ্মাণৰ অনুমতিৰ আবেদনৰ কাৰণে তলত ক্লিক কৰক:

গৃহ নিৰ্মাণৰ অনুমতি
গুৱাহাটী পৌৰ নিগমৰ অধীনষ্ঠ কোনো স্থানত পকী ভৱন নিৰ্মাণ কৰিবলৈ হলে নাগৰিক সকলে আপত্তি নথকাৰ প্ৰমাণ পত্ৰৰ বাবে আবেদন কৰিব লাগিব। এই আবেদনৰ বাবে দুটা প্ৰক্ৰীয়া আছেঃ
১. পৰিকল্পনাৰ অনুমতি, যি বৰ্তমানৰ ভৱন নিৰ্মাণ অধিনিয়ম অনুসৰি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে (জি.এম.ডি.এ.) প্ৰদান কৰে আৰু জি.এম.চি.ৰ অধীনষ্ঠ স্থানত গৃহনিৰ্মাণৰ বাবে অনুমতি বিচাৰি কৰা আবেদনৰ প্ৰ-পত্ৰ জি.এম.চি.লৈ প্ৰেৰণ কৰে।
২. ভৱন নিৰ্মাণৰ অনুমতি, যি গুৱাহাটী পৌৰ নিগমে কিছু নিয়মানুৱলী অনুসৰণ কৰি প্ৰদান কৰে।
জি.এম.চি.এ অনুসৰণ কৰা নিয়মানুৱলী
জি.এম.ডি.এ.এ প্ৰেৰণ কৰা আবেদন প্ৰ-পত্ৰ সমূহ লাভ কৰাৰ পাছত জি.এম.চি.এ নিম্নেল্লেখিত নিয়মানুৱলী অনুসৰণ কৰে:
জি+২ পৰ্য্যন্ত ভবন নিৰ্মাণৰ অনুমতি
- প্ৰয়োজন অনুসৰি আবেদন পত্ৰ আৰু দৰকাৰী নথি পত্ৰৰ সৈতে আবেদনকাৰীৰ প্ৰস্তাৱ কম্পিউটাৰ বিভাগে লাভ কৰাৰ পাছতে এই সমস্তবোৰ ভুমী অভিলেখ পৰিদৰ্শনৰ বাবে প্ৰেৰণ কৰা হয় যত ভুমী সম্পৰ্কীয় নথিৰ সত্যাসত্য নিৰ্ণয় কৰা হয়।
- ভবন নিৰ্মাণকাৰীৰ ৱাৰ্ডৰ সংশ্লিষ্ট মাণ্ডলিক অভিযন্তাই আবেদনকাৰীয়ে জমা দিয়া গৃহনিৰ্মাণৰ মেপ ফঁহিয়াই চাই।
- ইয়াৰ পাছতে নথি খিনি অনুমতিৰ বাবে মঞ্জুৰী বিচাৰি সহযোগী পৰিকল্পনাকাৰীলৈ প্ৰেৰণ কৰা হয়।
- সহযোগী পৰিকল্পনাকাৰীজনে ইয়াৰ পাছতেই আবেদনকাৰীৰ নথিবোৰ অতিৰিক্ত আয়ুক্তলৈ প্ৰেৰণ কৰে। অতিৰিক্ত আয়ুক্তই মঞ্জুৰীৰ বাবে নথিখিনি আয়ুক্তলৈ প্ৰেৰণ কৰে।
- অৱশেষত আয়ুক্তই ভবন নিৰ্মাণৰ অনুমতি প্ৰদান কৰি আপত্তি নথকাৰ প্ৰমাণ পত্ৰ খন মঞ্জুৰ কৰে।
জি+২ৰ উৰ্ধত ভবন নিৰ্মাণৰ অনুমতি
- প্ৰয়োজন অনুসৰি আবেদন পত্ৰ আৰু দৰকাৰী নথি পত্ৰৰ সৈতে আবেদনকাৰীৰ প্ৰস্তাৱ কম্পিউটাৰ বিভাগে লাভ কৰাৰ পাছতে এই সমস্তবোৰ ভুমী অভিলেখ পৰিদৰ্শনৰ বাবে প্ৰেৰণ কৰা হয় যত ভুমী সম্পৰ্কীয় নথিৰ সত্যাসত্য নিৰ্ণয় কৰা হয়।
- ভবন নিৰ্মাণকাৰীৰ ৱাৰ্ডৰ সংশ্লিষ্ট মাণ্ডলিক অভিযন্তাই আবেদনকাৰীয়ে জমা দিয়া গৃহনিৰ্মাণৰ মেপ আৰু আন যাবতীয়া নথি সমূহ ফঁহিয়াই চাই।
- মাণ্ডলিক অভিযন্তাই প্ৰতিবেদন দিয়াৰ পাছত এই নথিখিনি কাৰিকৰী সমিতিৰ ওচৰলৈ সত্যাসত্য নিৰ্ণয় আৰু মঞ্জুৰীৰ বাবে প্ৰেৰণ কৰা হয়।
- কাৰিকৰী সমিতিৰ মঞ্জুৰী আৰু সত্যাসত্যৰ প্ৰতিবেদন লাভ কৰাৰ পাছত ইয়াক সহযোগী পৰিকল্পনাকাৰীলৈ (এ.পি.) প্ৰেৰণ কৰা হয় এ.পি.ৰ মঞ্জুৰীৰ পাছতেই ইয়াক পুণৰ প্ৰেৰণ কৰা হয় অতিৰিক্ত আয়ুক্তৰ কাষলৈ।
- অতিৰিক্ত আয়ুক্তই তেতিয়া এই নথিখিনি গ্ৰহন কৰি ইয়াক আয়ুক্তলৈ প্ৰেৰণ কৰে।
- আয়ুক্তই অৱশেষত এন.ও.চি.খন মঞ্জুৰ কৰে।
গৃহ নিৰ্মাণ অনুমতিৰ বাবে প্ৰয়োজনীয় আপত্তি নথকাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ এই সমস্ত প্ৰক্ৰীয়াৰ বাবে সাধাৰণতে প্ৰয়োজন হয় ৪৫দিনৰ। কোনো অভিযোগ-আপত্তি উদ্ভব হলে এই প্ৰক্ৰীয়াৰ বাবে সময়সীমা বৃদ্ধি পায়।
সৱিশেষ জানিবৰ বাবে, ইয়াত ক্লিক কৰক।
কাক যোগাযোগ কৰিব
দীপক বেজবৰুৱা
সহযোগী পৰিকল্পনাকাৰী
পৰিকল্পনা শাখা, জি.এম.চি.
প্ৰথম মহলা, উজান বজাৰ, জি.এম.চি. কাৰ্য্যালয়
ফোন নং- ৯৪৩৫০৩১৮৯৫
ইমেইলঃ dbezit@gmail.com
সান্তনু শইকীয়া
সহযোগী পৰিকল্পনাকাৰী
পৰিকল্পনা শাখা, জি.এম.চি.
প্ৰথম মহলা, উজান বজাৰ, জি.এম.চি. কাৰ্য্যালয়
ফোন নং- ৯১২৭০৫৭৮১৬
ইমেইলঃ santanudas.apgmc@gmail.com