গুৱাহাটীৰ শাসন, উন্নয়ন আৰু প্ৰৱন্ধনৰ বাবে গুৱাহাটী পৌৰ নিগমে (জি.এম.চি.) চহৰৰ স্থানীয় নিকায় হিচাপে দায়বদ্ধ। গুৱাহাটীৰ ২১৬.৭৯ বৰ্গকিলোমিটাৰ ক্ষেত্ৰত এই নিকায়ে শাসন কৰে।
সমগ্ৰ জি.এম.চি. ক্ষেত্ৰক ৩১টা ৱাৰ্ডত ভাগ কৰা হৈছে আৰু ইয়াৰে প্ৰটিতো ৱাৰ্ড ২,৩ বা চাৰিটা পৌৰ সভাত বিভক্ত। ৱাৰ্ড আৰু পৌৰ সভা সমূহ হৈছে স্থানিয় কতৃপক্ষ, যি সাধাৰণ নিৰ্বাচন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। বৰ্তমান ইয়াত ৯০টা পৌৰ সভা আছে। পৌৰসভা সমূহে তৃণমূল পৰ্য্যয়লৈ শাসন ক্ষমতা প্ৰসাৰিত কৰে। যিহেতু প্ৰটিতে ৱাৰ্ডতে দুইৰ পৰা তিনিটাকৈ পৌৰসভা আছে, মহানগৰীৰ সৰু সৰু ক্ষেত্ৰ সমূহতো নিজৰ দাবী উত্থাপন কৰিব পাৰে। এইব্যৱস্থাই জি.এম.চি.ৰ পৰিকল্পনা কাৰ্য্যকৰণৰ ক্ষেত্ৰত তৃণমূল পৰ্য্যায়ৰ ৰাইজৰ অংশগ্ৰহন সুনিশ্চিত কৰে।
সৱিশেষ জানিবৰ বাবে, ইয়াত ক্লিক কৰক: GMC Councillors
এৰিয়া সভাৰ সদস্যসকলৰ সৱিশেষ জানিবৰ বাবে, ক্লিক কৰক: Area Sabha Members
