মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

পানী যোগান

গুৱাহাটী পৌৰ নিগমৰ জল কাৰ্য্য গোটে মহানগৰ অঞ্চলত পানীৰ প্ৰয়োজন পূৰণ কৰে। পানবজাৰ, সাতপুখুৰী আৰু কামাখ্যাত গুৱাহাটী পৌৰ নিগমৰ পানী যোগান আচৰণৰ বাবে তিনিটাকৈ অটবী আছে। এই অটবী সমূহত ব্ৰহ্মপূত্ৰ নদীৰ পানী পা্ম্পৰ জৰিয়তে সংগ্ৰহ কৰা হয় আৰু তাৰ পাছতে এই পানী প্ৰক্ৰীয়াকৰণ কৰি পাহাৰৰ উপৰত থকা বিভিন্ন কৃতিম জলাশয় সমূহলৈ প্ৰেৰণ কৰা হয় আৰু অৱশেষত এই পানী ভুক্তা সকলকবিতৰণ কৰা হয়। কিছুমান অঞ্চললৈ পোনপটিয়া পাম্পৰ জৰিয়তে পানী যোগানধৰা হয়। এই অটবী কেইটাৰ উপৰিও বিভিন্ন স্থানত ৯টা গভীৰ টিউব ওৱেলো আছে। প্ৰত্যেকটো অটবীৰ সংস্থাপিত ক্ষমতা আৰু ধাৱমান ক্ষমতা সমূহ তলত উল্লেখ কৰা হল।

অটবীৰ স্থানসংস্থাপিত ক্ষমতাকাৰ্য্যকৰণৰ বৰ্ষঅটবীটোৰ বৰ্তমানৰ উত্পাদন
পানবজাৰ৪৫.০০ এম.এল.ডি.১৯৬৩২৫.০০ এম.এল.ডি.
সাতপুখুৰী২২.৫০ এম.এল.ডি.১৯৩০বৰ্ষত আচল অটবী, ১৯৮৪ত পুণৰ নিৰ্মাণ (যোগান ব্যৱস্থা ১৯৩০)১৫.০০ এম.এল.ডি.
কামখ্যা৪.৫০ এম.এল.ডি.১৯৯২৩.০০ এম.এল.ডি.
দিপ টিউব ওৱেল
(আঠটা কাৰ্য্যৰত)
২.০০ এম.এল.ডি.১৯৮১ চনৰ পৰা বিভিন্ন সময়ত১.৫০ এম.এল.ডি.
মূঠ=৭৪.০০ এম.এল.ডি. ৪৪.৫০ এম.এল.ডি.

বৰ্তমান উত্পাদন উত্তোলন/আবদ্ধকৰণ/আহৰণ (ভূমীৰ তলৰ আৰু নদী উত্স উভয়ৰে পৰা) হৈছে ৪৪.৫০ এম.এল.ডি.

সম্পতি কৰৰ সৈতে জল শুক্ল

সাধাৰনতে সম্পতি কৰৰ সৈতে জল শুক্ল সংগ্ৰহ কৰা হয়। যদিহে জি.এম.চি.ৰ তৰফৰ পৰা পানীযোগানৰ সংযোগ কৰা হয় তেনেহলে এ.আৰ.ভি.ৰ (বাৰ্ষিক হাৰৰ মূল্য) ১০শতাংশ জল শুক্ল হিচাপে আৰোপ কৰা হয়। যদিহে জি.এম.চি.ৰ জল সংযোগৰ নেটৱৰ্ক কিন্তু সম্পতিৰ গৰাকী সকলৰ কোনো জি.এম.চি.ৰ পানী পাইপৰ সংযোগ নাই তেনেহলে জল শুক্ল ৭.৫শতাংশ আৰোপ কৰা হয়।

বেলেগকৈ জল শুক্ল

নিম্নোল্লেখিত মাহেকীয়া জল শুক্লৰ হাৰ সমূহ হৈছে স্থায়ী।

ক) ঘৰুৱা ব্যৱহাৰৰ বাবে

i)১৫ কে.এল.লৈঃ প্ৰতি কে.এল.ত ৮টকা (আঠ টকা)
ii)১৫ কে.এল.ৰ উৰ্ধৰ পৰা ২৫ কে.এল.লৈঃ প্ৰতি কে.এল.ত ১২টকা (বাৰ টকা)
iii)২৫ কে.এল.ৰ উৰ্ধতঃ প্ৰতি কে.এল.ত ১৫টকা (পোন্ধৰ টকা)

খ) বাণিজ্যিক ব্যৱহাৰৰ বাবে

i)১৫ কে.এল.লৈঃ প্ৰতি কে.এল.ত ১২টকা (বাৰ টকা)
ii) ১৫ কে.এল.ৰ উৰ্ধৰ পৰা ২৫ কে.এল.লৈঃ প্ৰতি কে.এল.ত ১৫টকা (পোন্ধৰ টকা)
iii)২৫ কে.এল.ৰ উৰ্ধতঃ প্ৰতি কে.এল.ত ২০টকা (বিশ টকা)
কোনো কাৰণত যদি পানীৰ মিটাৰে সঠিকভাৱে কাম নকৰে তেনেহলে পানী ব্যৱহাৰৰ গড় হিচাপক বিলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হব।

যত পানীৰ মিটাৰ স্থাপন কৰা হোৱা নাই তেনে স্থানৰ বাবে নিম্নোল্লেখিত সমান হাৰক স্থায়ী হাৰ হিচাপে ধাৰ্য্য কৰা হৈছে।

i)চাৰি গৰাকী বা তাতোকৈ কম সদস্য থকা পৰিয়ালৰ বাবে- ঘৰুৱা ব্যৱহাৰৰ বাবে মাহিলি ১৪০টকা।

ii)চাৰি গৰাকীতকৈ অধিক সদস্য থকা পৰিয়ালৰ বাবে- ঘৰুৱা ব্যৱহাৰৰ বাবে মাহিলি ১৪০টকাৰ উপৰিও জনে প্ৰতি অতিৰিক্ত ৩৫টকা।

ভ্ৰাম্যমান পানী টেংকাৰ জল শুক্ল

i) জি.এম.চি.ৰ যোগান কেন্দ্ৰৰ পৰা ব্যক্তিগত পানী টেংকাৰ সমূহে পানী সংগ্ৰহ কৰিলে দিব লগা শুক্লৰ পৰিমান সংশোধন কৰা হৈছে, ২০১৬চনৰ মাৰ্চ মাহৰ হাৰ প্ৰতি কে.এল.ত ২২টকাৰ পৰা ৩০টকালৈ বৃ্দ্ধি কৰা হব।

টেংকাৰৰ ক্ষমতা৫কিলোমিটাৰ পৰ্য্যন্ত৫ৰ পৰা ১০কিলোমিটাৰ পৰ্য্যন্ত১৫কিলোমিটাৰলৈ+পাছৰ প্ৰতি কিলোমিটাৰত
৬০০ লিটাৰ১৬০.০০টকা২২০.০০টকা৩০০.০০টকা+২০.০০টকা/পাছৰ প্ৰতি কিলোমিটাৰত
২০০০ লিটাৰ৪০০.০০টকা৫৩০.০০টকা৬০০.০০টকা+৪০.০০টকা/পাছৰ প্ৰতি কিলোমিটাৰত
৩০০০ লিটাৰ৫৫০.০০টকা৬৭০.০০টকা৭৮০.০০টকা + ৫০.০০টকা/পাছৰ প্ৰতি কিলোমিটাৰত
৬০০০ লিটাৰ৮০০.০০টকা৯২০টকা১০৫০টকা + ৭০.০০টকা/পাছৰ প্ৰতি কিলোমিটাৰত
১০০০০ লিটাৰ১০৫০.০০টকা১২১০.০০টকা১৩৭০.০০টকা + ৯০.০০টকা/পাছৰ প্ৰতি কিলোমিটাৰত

নতুন পানী সংযোগৰ কৰণে, ইয়াত ক্লিক কৰকঃ কেনেকৈ নতুন পানী সংযোগ পাব পাৰি

গুৱাহাটীৰ আন পানী যোগান প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিলে, ইয়াত ক্লিক কৰকঃ GDD water Supply Projects

বিতং তথ্যৰ বাবে কাক যোগাযোগ কৰিব:

শ্ৰী মনোৰঞ্জন ভৰালী
অধীক্ষক অভিযন্তা,
গুৱাহাটী পৌৰ নিগম
পানবজাৰ,গুৱাহাটী-৭৮১০০১
ফোন নং:৭০৮৬০৫৩৯৭০
ইমেইলঃ manoranjanbharali123@gmail.com