গুৱাহাটী পৌৰ নিগম আইন, ১৯৭৯ অনুসৰি গুৱাহাটী মহানগৰীত ষ্ট্ৰীট লাইত লগোৱা বা ইয়াৰ তত্বাৱধান কৰাৰ দায়িত্বও গুৱাহাটী পৌৰ নিগমৰেই জিম্মাত। বৰ্তমান সময়লৈকেমহানগৰীৰ প্ৰধান পথ সমূহত ষ্ট্ৰীট লাইট লগোৱা বা ইয়াৰ তত্বাৱধান কৰাৰ ক্ষেত্ৰত ৰাজহূৱা নিৰ্মাণ বিভাগো জড়িত। কিন্তু শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমকে মহানগৰীত ষ্ট্ৰীট লাইত লগোৱাৰ সমস্ত দায়িত্ব ন্যস্ত কৰা হৈছে।
মহানগৰীৰ ভিতৰুৱা পথ আৰু উপ-পথ সমূহত ষ্ট্ৰীট লাইতৰ সুবিধা মুঠেই পৰ্য্যাপ্ত হৈ উঠা নাই। এনে অঞ্চলবোৰৰ ৰাইজে এই ক্ষেত্ৰত নিৰাপত্তাৰ দোহাই দি ষ্ট্ৰীট লাইতৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাই আহিছে।
গুৱাহাটী পৌৰ নগমে ইয়াৰ অধীনষ্ঠ অঞ্লবোৰত বৰ্তমানৰ ষ্ট্ৰীট লাইট সমূহ এল.ই.ডি. লাইটলৈ ৰূপান্তৰিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহন কৰিছে। গুৱাহাটী পৌৰ নিগমে নিম্নোল্লেখিত প্ৰকল্প সমূহ আৰম্ভ কৰিছে যিবোৰ ৰূপায়নৰ বিভিন্ন স্তৰত আছে। ইয়াৰ বাবে ৪ৰ্থ বিত্তীয় আয়োগৰ বিকেন্দ্ৰীকৰণ অনুদানৰ অধীনত ২৫.৭২কোটি টকা লাভ কৰিছে।
| ক্ৰমিক নং | প্ৰকল্প | স্থিতি |
|---|---|---|
| ১ | জি.এম.চি.ৰ অধীনষ্ঠ প্ৰধান পথ সমূহত বিদ্যমান ষ্ট্ৰীট লাইত সমূহ শক্তি সঞ্চয়কাৰী এল.ই.ডি. লাইটলৈ ৰূপান্তৰিত কৰাৰ প্ৰস্তাৱ। | প্ৰকল্প আৰম্ভ হৈছে |
| ২ | ছয়মাইলৰ পৰা পাথৰকুৱেৰিলৈ ভি.আই.পি. পথত পৰ্য্যাপ্ত শক্তি সঞ্চয়কাৰী এল.ই.ডি. লাইট ব্যৱস্থা প্ৰদান কৰা। দ্ৰৈঘ্য-৫.৪০ কিলোমিটাৰ, দল ‘এ’ | সম্পূৰ্ণ হৈছে |
| ৩ | পাথৰকুৱেৰিৰ পৰা বি.জি. চকলৈ ভি.আই.পি. পথত পৰ্য্যাপ্ত শক্তি সঞ্চয়কাৰী এল.ই.ডি. লাইট ব্যৱস্থা প্ৰদান কৰা। দ্ৰৈঘ্য-৩.৮৫ কিলোমিটাৰ, দল ‘বি’ | সম্পূৰ্ণ হৈছে |
| ৪ | এ.টি. ৰোডৰ পৰা কামাখ্যা মন্দিৰলৈ পথছোৱাত শক্তি সঞ্চয়কাৰী এল.ই.ডি. লাইট ব্যৱস্থা প্ৰদান কৰা। | সম্পূৰ্ণ হৈছে |
| ৫ | জি.এচ. পথৰ পৰা বিজ্ঞান সংগ্ৰহালয় হৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈ এল.ই.ডি. লাইট স্থাপন কৰা। | সম্পূৰ্ণ হৈছে |
| ৬ | বশিষ্ঠ চাৰিআলিৰ পৰা আৰ্মী পাব্লিক বিদ্যালয় তিনিআলিলৈআৰু লগতেবশিষ্ঠ মন্দিৰ চৌহদত শক্তি সঞ্চয়কাৰী এল.ই.ডি. লাইট ব্যৱস্থা প্ৰদান কৰা। | সম্পূৰ্ণ হৈছে |
| ৭ | ১)ভেটাপাৰা ঘোৰামাৰা পথ পি.এইচ.-i আৰু পি.এইচ.-iiত ২)বেহাৰবাৰী পথ আৰু সাঁওকুছি হকি ষ্টেদিয়াম হৈ উপ-পথলৈ ৰাস্তাৰ কিনাৰত শক্তি সঞ্চয়কাৰী এল.ই.ডি. লাইট ব্যৱস্থা প্ৰদান কৰা। | সম্পূৰ্ণ হৈছে |
| ৮ | গণেশ মন্দিৰৰ পৰা পাৱাৰ হাউছলৈ কাহিলিপাৰা পথত আৰু উলুবাৰী চাৰিআলীৰ পৰা চেৰাব ভাট্টিলৈ বি.কে. কাকতি পথত ৰাস্তাৰ কিনাৰত শক্তি সঞ্চয়কাৰী এল.ই.ডি. লাইট ব্যৱস্থা প্ৰদান কৰা। | সম্পূৰ্ণ হৈছে |
ষ্ট্ৰীট লাইটৰ বিদ্যুত্ শুক্লৰ বাবত গুৱাহাটী পৌৰ নিগমে ব্যয় কৰা বছৰেকীয়া খৰচৰ পৰিমাণ প্ৰায় ছয় কোটি টকা হবগৈ যিটো বিত্তীয় অভাৱত ভোগা গুৱাহাটী পৌৰ নিগমৰ বাবে এক বৃহত্ বোজা স্বৰূপ। এনে ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে ভিতৰুৱা পথ আৰু উপ-পথ সমূহত অতিৰিক্ত ষ্ট্ৰীট লাইট স্থাপনৰ কৰি ইয়াৰ তত্বাৱধান আৰুবিদ্যুত্ শুক্লৰ নামত অতিৰিক্ত বোজা বহন কৰিব পৰাৰ স্থিতিত নাই।
গতিকে গুৱাহাটী পৌৰ নিগমে নিয়মিয়া অতিৰিক্ত আৰ্থিক বোজা বহন নকৰাকৈ মহানগৰীৰ ছবীখনক নতুন ৰূপ দিয়া আৰু নিৰাপত্তাৰ দিশটো উন্নত কৰাৰ উদ্দেশ্যৰে “জ্যোতি প্ৰকল্প-ষ্ট্ৰীট লাইত নিজৰ কৰি লোৱা” নামৰ প্ৰকল্পটো পৰিকল্পনা কৰা হয়। তদানিন্তন মূখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে মহানগৰীৰ পথ-উপ পথ সমূহ উজলাই তুলিবলৈ এই “জ্যোতি প্ৰকল্প”ৰ উদ্ভাৱন কৰা হৈছিল। এই আঁচনিৰ সুবিধা উপলব্ধ কৰিবৰ বাবে গুৱাহাটীৰ যিকোনো লোকেই আবেদন কৰিব পাৰে।
এই আঁচনিৰ অধীনত, প্ৰতিবেদনকাৰীৰ চৌহদৰ ভিতৰতজি.এম.চি.এ পোল আৰু অন্যান্য সংযোগী উপকৰণৰ সৈতে পথৰ ফালে মূখ কৰি ১৬ৱাটৰ এল.ই.ডি. লাইট স্থাপন কৰিব। ইয়াৰ বাবে প্ৰতিবেদনকাৰী গৰাকীয়ে বিদ্যুত শুক্ল ব্যয় কৰিব লাগিব। ষ্ট্ৰীট লাইট সমূহ প্ৰথম পৰ্য্যায়ত এবাৰ কাৰ্য্যক্ষম কৰি তুলাৰ পাছত জি.এম.চি.এ উক্ত আচনী খনৰ চাহিদা বৃদ্ধি পাব বুলি আশা কৰিছে। এই প্ৰকল্প তদানিন্তন মূখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছিল যি চহৰৰ চুকে-কোণেনিশাৰ ভাগত সুৰক্ষাৰ সমস্যা দূৰ কৰিব।
সৰ্বমূঠ ১০,০০০ প্ৰতিবেদন লাভ কৰা হৈছে, ইয়াৰেঃ
শ্ৰী মনজিত বুজৰবৰুৱা
কাৰ্য্যকৰী অভিযন্তা,ভাৰপ্ৰাপ্ত গেৰেজ শাখা
গুৱাহাটী পৌৰ নিগম
মৰাশালী, উলুবাৰীৰ উৰণীয়া সেতুৰ সমীপত, গুৱাহাটী-০৭
ফোন নং- +৯১ ৭০৮৬০৫৩৯৪৭
ইমেইলঃ manojit1965@gmail.com