মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ গুৱাহাটী উন্নয়ন বিভাগ গুৱাহাটী পৌৰ নিগম

জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন

জন্ম আৰু মৃত্যু পঞ্জীকৰণ আইন, ১৯৬৯ৰ ব্যৱস্থা অনুসৰি জন্ম আৰু মৃত্যুৰপঞ্জীকৰণ বাধ্যতামূলক। ভাৰতত জন্ম আৰু মৃত্যু পঞ্জীকৰণ আইন, ১৯৬৯ৰ বিধি অনুসৰি সংশ্লিষ্ট ৰাজ্য/স্বায়ত্বশাসিত অঞ্চলৰ চৰকাৰৰ সৈতে প্ৰত্যেক জন্ম/মৃত আৰু মৃত্যু সংঘটিত হোৱাৰ ২১দিনৰ ভিতৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক। চৰকাৰে সেই অনুসৰি নিজ নিজ পৰিধিত গ্ৰাম্য পঞ্জীয়ক, চহৰ পঞ্জীয়ককে আৰুজিলা পঞ্জীয়কক পৰিচালনা কৰিকেন্দ্ৰত পঞ্জীয়ক প্ৰধান আৰু ৰাজ্যত মূখ্য পঞ্জীয়কৰ জৰিয়তে জন্ম আৰু মৃত্যুৰ পঞ্জীয়নৰ বাবে পঞ্জীয়নৰ এক সূ-ব্যৱস্থা প্ৰদান কৰিছে।

জন্ম/মৃত্যু পঞ্জীয়নৰ বিষয়ে অবগত কৰাৰ বাবে দায়বদ্ধ ব্যক্তি/প্ৰতিষ্ঠান

  • যদি চৰকাৰী চিকিত্সালয়/ব্যক্তিগত চিকিত্সালয়/নাৰ্চিং হোম/চিকিত্সা প্ৰতিষ্ঠানত কোনো জন্ম আৰু মৃত্যু সংঘটিত হয়, এনে জন্ম বা মৃত্যুৰ বিষয়ে উক্ত প্ৰতিষ্ঠানটোৱে ২১দিনৰ ভিতৰত সংশ্লিষ্ট পঞ্জীয়কক (জন্ম আৰু মৃত্যু) অৱগত কৰাটো উচিত।
  • যদি গৃহত কোনো জন্ম বা মৃত্যু সংগটিত হয়, ইয়াৰ বিষয়ে পঞ্জীয়কক (জন্ম আৰু মৃত্যু) ২১দিনৰ ভিতৰত পৰিয়ালৰ মূৰুব্বী সদস্য বা আন সদস্যই অৱগত কৰাটো উচিত।

সময় সীমা

গৃহ বা চিকিত্সালয় যতেই জন্ম বা মৃত্যু সংঘটিত হয়, ইয়াৰ ২১ দিনৰ ভিতৰত নিজ নিজ এলেকাৰ সংশ্লিষ্ট পঞ্জীয়ক/উপ পঞ্জীয়কক অৱগত কৰোৱাটো উচিত।

জন্ম/মৃত্যুৰ প্ৰমাণ প্ৰত্ৰৰ বাবে কেনেকৈ পঞ্জীয়ন কৰা উচিত

অনুগ্ৰহ কৰি ইয়াক ক্লিক কৰক

কাক যোগাযোগ কৰিব লাগিব

ড. অনিন্দিতা চন্দা
চিকিত্সা বিষয়া
স্বাস্থ্য শাখা
গুৱাহাটী পৌৰ নিগম
৩য় মহলা, জি.এম.চি. বজাৰ
ফাঁচী বজাৰ
গুৱাহাটী - ৭৮১০০১
ফোনঃ ৯৪৩৫৫৫২১৭৯
ইমেইলঃ anindita2179@gmail.com