কঠিন বৰ্জ্য ব্যৱস্থাপনা নিয়ম, ২০১৬ অনুসৰি, নিজৰ নিজৰ সংশ্লিষ্ট অধিক্ষেত্ৰ সমূহত কঠিন বৰ্জ্য ব্যৱস্থাপনাৰ বাবে সকলো ইউ.এল.পি.য়েই দায়বদ্ধ। গুৱাহাটী মহানগৰীত ইয়াৰ অধিক্ষেত্ৰৰ ভিতৰতহেগুৱাহাটী পৌৰ নিগমে কঠিন বৰ্জ্য ব্যৱস্থাপনা কাৰ্য্যক্ৰম সমূহ চোৱা-চিতা কৰে। কঠিন বৰ্জ্য ব্যৱস্থাপনা কাৰ্য্যক্ৰমণিকাই নিম্নোল্লেখিত কাৰ্য্যক্ৰম সমূহ সামৰি লয়ঃ
প্ৰতিটো ব্যক্তিগত গৃহ বা বাণিজ্যক প্ৰতিষ্ঠানৰ পৰা কঠিন বৰ্জ্য সংগ্ৰহ কৰাটোৱেই প্ৰাথমিক সংগ্ৰহৰ অন্তৰ্গত। গুৱাহাটী পৌৰ নিগম ৩১ ৱাৰ্ডত বিভক্ত হৈ আছে আৰু প্ৰতিটো ৱাৰ্ডতে একোটাকৈ বেচৰকাৰী সংগঠনক ইয়াৰ সংশ্লিষ্ট ৱাৰ্ডত প্ৰাথমিক সংগ্ৰহ আৰু পথ পৰিস্কাৰ কৰাৰ বাবে দায়িত্ব অৰ্পন কৰা হৈছে। বেচৰকাৰী সংগঠন সমূহে এই সংগ্ৰহিত জাৱৰ সমূহ ইয়াৰ ওচৰৰ অনুসংগিক সংগ্ৰহ বিন সমূহত জমা কৰে। ৱাৰ্ড বোৰৰ জে.টি.ও. আৰু স্বচ্ছতা পৰ্য্যবেক্ষক সমূহে এই প্ৰাথমিক সংগ্ৰহৰ পৰ্য্যবেক্ষণ কৰে। নিগমে সময়ে সময়ে জাৰি কৰা উপোভোক্তা শুক্ল অধিসূচনা অনুসৰি এই বেচৰকাৰী সংগঠন সমূহ ব্যক্তিগত গৃহ বা বাণিজ্যিক প্ৰতিষ্ঠান সমূহৰ পৰা মাহেকীয়া উপভোক্তা শুক্ল সংগ্ৰহ কৰাৰ বাবেও দায়বদ্ধ। ব্যক্তিগত গৃহ বা এই বাণিজ্যক প্ৰতিষ্ঠান সমূহৰ পৰা জাৱৰ সংগ্ৰহ কৰিবলৈ বেচৰকাৰী সংগঠন সমূহে তিনি চকীয়া বাহন বা ঠেলা, হাইড্ৰলিক মাউণ্টেইন ট্ৰেইলাৰ অটো ট্ৰিপাৰ, আদিবোৰ ব্যৱহাৰ কৰে। গুৱাহাটী মহানগৰীয়ে প্ৰায় ৫৫০ টি.পি.ডি. (আনুমাণিক) কঠিন বৰ্জ্য সৃষ্টি কৰে।
সমগ্ৰ গুৱাহাটী মহানগৰীত গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত এই ৩১টা ৱাৰ্ডৰ সৈতে প্ৰবৃত্তবেচৰকাৰী সংগঠন সমূহৰ ৪৫০ গৰাকী কৰ্মচাৰী আছে যি ৪৮০খন তিনিচকীয়া বাহন আৰু ৬৪খন অটো ট্ৰিপাৰ পৰিচালনা কৰে।
উপভোক্তা শুক্লৰ বাবে ইয়াতে ক্লিক কৰকঃ Primary Collection Charges
বেচৰকাৰী সংগঠনৰ বাবে ইয়াতে ক্লিক কৰকঃ Primary Collection NGOs
গুৱাহাটী পৌৰ নিগমে আধুনিক কম্পেক্টৰ, ট্ৰিপাৰৰ এক বহৰৰ জৰিয়তে অনুসংগিক সংগ্ৰহ আৰু পৰিবহন (চি. এণ্ড টি) নিয়ন্ত্ৰন কৰে। এই সমূহ কাৰ্য্য মাণ্ডলিক অভিযন্তা, জে.টি.ও. আৰু পৰ্য্যবেক্ষক সকলে ঠেলাৱালা আৰু জমাদাৰৰ এক বহৰৰ সহায়ত পৰ্য্যবেক্ষণ কৰে। চি. এণ্ড টি. আদিৰ বাবে ব্যৱহাৰ কৰিবলৈ আধুনিক বাহন যেনে কম্পেক্টৰ বাহন, ভ্ৰাম্যমান কম্পেক্টৰ, ট্ৰেস্নফাৰ ষ্টেচন ইত্যাদিও আছে। গুৱাহাটী মহানগৰীত বৰ্তমান কাৰ্য্যৰত দুটাকৈ ট্ৰেস্নফাৰ ষ্টেচন আছে। ইয়াৰে এটা গণেশগুৰীৰ নাৰ্চাৰীৰ সমীপত আৰ.জি.বি. পথত আৰু আনটো ভঙাগড়ৰ জি.এম.চি.এইচ.ৰ সমীপত অৱস্থিত। প্ৰতিদিনে আনুমাণিক ৮৫-৯০শতাংশ জাৱৰ বৰাগাঁৱলৈ স্থানান্তৰিত কৰা হয়।
অনুসংগিক সংগ্ৰহ আৰু পৰিবহনৰ বাবে প্ৰবৃত্ত কৰ্মকৰ্তাসকল-
অনুসংগিক সংগ্ৰহ আৰু পৰিবহনৰ বাবে প্ৰবৃত্ত বাহন সমূহ তলত উল্লেখ কৰা হল:
উত্সতেই জাৱৰ বৰ্জ্য সমূহ পৃথকীকৰণ কৰাৰ উদ্দেশ্যৰেই নাগৰিক সকলৰ পৰা শুকান জাৱৰ ক্ৰয় কৰাৰ এক প্ৰকল্পৰ আৰম্ভণি কৰিছিল। ট্ৰস্নফাৰ ষ্টেচন সমূহত অটো টিপাৰ আৰু তিনিচকীয়া বাহন সমূহে এখন ৰেম্পত উঠি জাৱৰ বোৰ ডাম্পাৰ বা কম্পেক্টৰ বোৰত পোনপটীয়াকৈ নমাই দিয়ে। এই ষ্টেচন সমূহৰ ভিতৰত চাফ-চিকুন কৰিবৰ বাবে পয্যাপ্ত পৰিমাণৰ পানীৰসূ-ব্যৱস্থা আছে আৰু স্বচ্ছতা বজাই ৰাখিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থাই ইয়াত গ্ৰহণ কৰা হয়। এই ট্ৰেন্সফাৰ ষ্টেচন সমূহ কাৰ্য্যকৰী কৰাৰ পাছৰে পৰাই ইয়াৰ কাষৰীয়া স্থান সমূহক ডাষ্টবিন বিহীন হিচাপে ঘোষণা কৰা হৈছে।
গুৱাহাটীৰ তলত উল্লেখ কৰা স্থান সমূহত চাৰিটা অতিৰিক্ত ট্ৰেন্সফাৰ ষ্টেচন আৰু শুকান জাৱৰ সংগ্ৰহ কেন্দ্ৰ পৰিকল্পনা কৰা হৈছেঃ
গুৱাহাটীৰ বৰাগাওঁস্থিত খাৰ উদ্যোগটো ২০১০ চনত কাৰ্য্যকৰী কৰা হৈছিল যিটোৱে ৫০টি.পি.ডি. ক্ষমতাসম্পন্ন উইণ্ড ৰ,কম্পষ্টিং প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। বৰ্তমান ই ৫টি.পি.ডি. খাৰ প্ৰতিদিনে তৈয়াৰ কৰে। এই খাৰ উদ্যোগটো ৫০টি.পি.ডি.ৰ পৰা ২০০টি.পি.ডি.লৈ সংবৰ্ধিত কৰাৰ প্ৰস্তাৱ গ্ৰহন কৰা হৈছে।
জি.এম.চি.এ পি.বি.কে. ওৱেষ্ট চলিউচন প্ৰাইভেট লিমিটেডৰ (প্ৰতিদিন জাবৰৰ দম)প্ৰায়োগিক প্ৰকল্পৰ প্ৰস্তাৱ গ্ৰহন কৰিছ, যি ঘৰুৱা পচন সাৰ সহজ সূলভ কৰাৰ ক্ষেত্ৰতএক সমন্বিত ক্ষেত্ৰ বিশেষজ্ঞ সংগঠন আৰুএই প্ৰয়োগিক প্ৰকল্পই পৌৰ কঠিন বৰ্জ্য (প্ৰৱন্ধন আৰু পৰিচালনা) নিয়ম, ২০০০ অনুযায়ী নিম্নোল্লেখিত কাৰ্য্যক্ৰম সমূহ কঢ়িয়াই আনিব (পৰবৰ্তী সময়ত পৰিসেৱা চুক্তি হিচাপে উল্লেখ কৰা হৈছে)।
প্ৰতি দিন জাবৰৰ দম প্ৰকল্পৰ উদ্দেশ্যবোৰ হৈছে:
এই প্ৰায়োগিক প্ৰকল্পটো অটি সফল হিচাপে পৰিগণিত হৈছে আৰু লগতে প্ৰকল্পটোৰ বাবে অতিৰিক্ত গৃহৰ প্ৰস্তাৱ কৰাও হব।
শাক-পাছলিৰ বজাৰ, কৃষি বজাৰ, হোষ্টেল, মেচ ইত্যাদিৰ দৰে অত্যধিক হাৰত বিভিন্ন বৰ্জ্য সৃষ্টিকাৰিঅনুষ্ঠান সমূহত গুৱাহাটী পৌৰ নিগমে ক্ষেত্ৰতে পচন সাৰ তৈয়াৰ কৰা পদ্ধতি অৰ্থাত্ দ্ৰাম পচনক্ৰীয়া পদ্ধতি স্থাপন কৰিছে। আফকনক এই দায়িত্ব অৰ্পন কৰা হৈছে।
প্ৰয়োজনীয় আচ-বাব আৰু যন্ত্ৰ-পাতিৰ বাবে আনুমাণিক ২৯.৩১ কোটি টকাৰ এক এছ.বি.এম. প্ৰস্তাৱো ৰাজ্যিক মিছন সঞ্চালকক প্ৰেৰণ কৰা হৈছে।
পৌৰ কঠিন বৰ্জ্য প্ৰৱন্ধন সম্পৰ্কত অসমৰ মাননীয় ৰাজ্যপালে অধিসুচনা জাৰি কৰাৰ পাছতেই এক উচ্চ ক্ষমতা সম্পন্ন সমিতি গঠন কৰা হয়। নিম্ন উল্লেখিত সদস্য কেইজন এই পৰ্য্যবেক্ষণ সমিতিৰ অন্তৰ্গতঃ
১)অসম চৰকাৰৰ প্ৰধান সচিব, গুৱাহাটী উন্নয়ন দপ্তৰ- অধ্যক্ষ
২) এল.আৰ. আৰু সচিব, আইন বিভাগ বা তেঁওৰ প্ৰতিনিধি- সদস্য
৩) সচিব, গুৱাহাটী উন্নয়ন দপ্তৰ- সদস্য
৪) বিত্তিয় বিভাগৰ প্ৰতিনিধি – সদস্য
৫) কৰ্ণেল মনোৰঞ্জন গোস্বামী, সমাজ কৰ্মী – সদস্য
৬) শ্ৰীযুত ধীৰেণ বৰুৱা, চেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ সভাপতি – সদস্য
৭) আয়ুক্ত, জি.এম.চি. – সদস্য সচিব
গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰীৰ পৰিবেশ প্ৰদুষনৰ প্ৰভাৱ ৰোধ কৰা আৰুপৌৰ বৰ্জ্য প্ৰৱন্ধন ব্যৱস্থা উন্নয়নৰ বাবে সহায় আগবঢ়োৱাৰ উদ্দেশ্যৰেবৰাগাঁৱৰ জাবৰৰ দম থকা অঞ্চলৰ বৈজ্ঞানিক প্ৰৱন্ধন ব্যৱস্থাৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰীয়কৰণ আৰু নিষ্পত্তিৰ মূল আৰ্হিৰ পৰামৰ্শ প্ৰদানৰ বাবে ২০১৭ বৰ্ষৰ এক এপ্ৰিল তাৰিখে খৰগপূৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক পৰামৰ্শদাতা হিচাপে জড়িত কৰে।
আই.আই.টি. খৰগপূৰে বিশ্বৰ উত্তম বৰ্জ্য ব্যৱস্থাপনা পৰিশীলনৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ বৰ্তমানৰ বৰ্জ্য ব্যৱস্থাপনাৰ এক প্ৰাথমিক পৰ্য্যালোচনা প্ৰদান কৰিছে। বৰ্জ্য ব্যৱস্থাপনাৰ ক্ৰুটি সমূহ নোহোৱা কৰিবলৈ আই.আই.টি., খৰগপূৰে ততকাল সমাধানৰ বাবে উপাই প্ৰদান কৰিছে। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত বহনক্ষম কঠিন বৰ্জ্য ব্যৱস্থাপনা পৰিশিলনৰ বাবে খৰগপূৰ আই.আই.টি.এ হৰ্সম্যাদি, মধ্যম্যাদি আৰু দীৰ্ঘম্যাদি সমাধানৰ উপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে।
শ্ৰী মনজিত বুজৰবৰুৱা
কাৰ্য্যকৰী অভিযন্তা
ভাৰপ্ৰাপ্ত গেৰেজ শাখা, গুৱাহাটী পৌৰ নিগম
মৰাশালী, উলুবাৰীৰ উৰণীয়া সেতুৰ সমীপত, গুৱাহাটী-০৭
ফোন নং-+৯১ ৭০৮৬০৫৩৯৪৭
ইমেইলঃ manojit1965@gmail.com
